ETV Bharat / state

55 বছৰৰ মুৰত ফেৰীঘাট মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Sep 8, 2020, 3:31 PM IST

সুদীৰ্ঘ 55 বছৰৰ মুৰত পুনৰ মুকলি ফেৰী ঘাট । যোৰহাটত এই ঘাট মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ককিলামুখ আৰু কাৰ্তিক চাপৰিৰ মাজত চলিব এই নতুন ফেৰী সেৱা ৷ উক্ত উদ্বোধনী অনুষ্ঠানত অঞ্চলবাসীৰ সৈতে উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং ৷

new ferryghat inauguration by cm sarbananda sonowal in jorhat assam etv bharat news
55 বছৰৰ মুৰত ফেৰীঘাট মুকলি

যোৰহাট, 8 ছেপ্তেম্বৰ: যোৰহাটত সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ উদ্বোধন কৰে ককিলামুখ-কাৰ্তিক চাপৰিৰ মাজৰ ফেৰী সেৱা ৷ সুদীৰ্ঘ 55 বছৰৰ অন্তত মুকলি কৰা এই সেৱাৰ জৰিয়তে উপকৃত হ’ব কাৰ্তিক চাপৰিবাসী ৰাইজ ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে মহাপুৰুষ মাধৱদেৱৰ তিথিৰ দিনটোতে এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই ধন্য মানে ৷ অঞ্চলটোত এতিয়াৰে পৰা এচবি ধলা নামৰ ফেৰীখনে যাতায়াত বহু পৰিমাণে সূচল কৰি তুলিব ৷

উল্লেখ্য যে,বিশেষকৈ যাদৱ পায়েঙৰ দৰে এগৰাকী মহান ব্যক্তিৰ অঞ্চলত এনে সেৱা আগবঢ়াবলৈ পাই সঁচাই আনন্দিত বুলি ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আভ্যন্তৰীণ জল পৰিৱহণ নিগম আৰু স্থানীয় ৰাইজৰ সহযোগত এই ফেৰী সেৱা চলাব লাগিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী সোণোৱালে ।

উক্ত অনুষ্ঠানতে স্থানীয় ৰাইজ আৰু অৰণ্য মানৱ যাদৱ পায়েঙে খহনীয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ হাতত প্ৰদান কৰে এক স্মাৰকপত্ৰ ৷ সোমবাৰে মুকলি ফেৰী সেৱা সন্দৰ্ভত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰে যদিও যন্ত্ৰচালিত ফেৰী চলাৰ ফলত ককিলামুখ অঞ্চলত পুনৰ খহনীয়া অধিক হোৱাৰ আশংকা প্ৰকাশ কৰিছে । সেয়ে এই খহনীয়া ৰোধৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ হাতত স্মাৰকপত্ৰ দাখিল কৰে ৰাইজে ৷ আনহাতে,যোৰহাটৰ সংবাদ মাধ্যমক বিশেষভাৱে শলাগ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে । কিয়নো সংবাদ মাধ্যমৰ বাবেহে ককিলামুখ অঞ্চলৰ বাতৰিসমূহ বিতংভাৱে প্ৰচাৰ হোৱা মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হৈছিল ৷

55 বছৰৰ মুৰত ফেৰীঘাট মুকলি

লগতে চাওকঃ হৰিণৰ শিং আৰু বন্দুকসহ আটক চোৰাং চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.