ETV Bharat / state

Naga village in Assam: গদাপাণি-ডালিমীৰ অমৰ প্ৰেমৰ গাঁথা বিজৰিত অসম মুলুকৰ এখন নগা গাঁও - অসম মুলুকৰ এখন নগা গাঁও

আপুনি বাৰু মইনাটিং গাঁৱৰ কথা শুনিছেনে ? যিখন গাঁৱত আজিও বিজৰিত হৈ আছে গদাধৰ সিংহ আৰু ডালিমীৰ অমৰ প্ৰেমৰ গাঁথা (Naga village in Assam) ৷ কিন্তু কেনেকৈ ? সবিশেষ আজিৰ এই প্ৰতিবেদনত...

Nagas in Assam
অসমৰ মাটিত এখন ব্যতিক্ৰমী নগা গাঁও
author img

By

Published : May 16, 2023, 8:19 PM IST

অসম মুলুকৰ এখন নগা গাঁও

যোৰহাট, 16 মে’: অসমৰ মাটিত এখন ব্যতিক্ৰমী নগা গাঁও (Naga village in Assam) ৷ ভূমি আগ্ৰাসন কিম্বা অন্য বিষয় নহয়, অসমক নিজৰ মাতৃভূমি ৰূপে আঁকোৱালি লৈছে নগা গাঁওবাসীয়ে ৷ আজি আমি ক’বলৈ লৈছো অসম মুলুকতে থকা এখন নগা গাঁৱৰ কথা ৷

অসম নাগালেণ্ডৰ সীমা কেন্দ্ৰিক বিবাদৰ বাবেই দুয়ো ৰাজ্যৰ বাসিন্দাৰ মাজত সততে এক সংঘাতময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা যায় (Assam Nagaland border dispute) ৷ কিন্তু ইয়াৰ বিপৰীতে এই অসম মুলুকতে থকা এখন বিশেষ নগা গাঁৱে দেখুৱাইছে আদৰ্শ ৷

নীলা পাহাৰৰে সুশোভিত এখন গাঁও । য’লৈকে চোৱা যায় তালৈকে কেৱল সেউজীয়া আৰু সেউজীয়াৰ আচ্ছাদন ৷ নাম মইনাটিং নগা গাঁও । যোৰহাট শিৱসাগৰ জিলাাৰ সংগমস্থলীৰ কিছু নিলগত অৱস্থিত এই মইনাটিং নগা গাঁওখন । নগা পাহাৰৰ নামনিৰ মইনাটিং গাঁওখনত যুগ যুগ ধৰি বসবাস কৰি আহিছে কন্যাক মূলৰ নগা লোকসকলে (Nagas in Assam) ।

গদাধৰ সিংহৰ শাসন কালতে নগা পাহাৰৰ নামনিত গাঁও পাতিছিল ডালিমীৰ বংশধৰ এই নগালোকসকলে । সময় বাগৰিল । কিন্তু অসমতে থাকি গ’ল মইনাটিং গাঁৱৰ নগা লোক ৷ সময়ৰ সোঁতত এই নগা লোকসকল হাড়ে হিমজুৱে হৈ পৰিল অসমীয়া ।

মইনাটিং নগা গাঁৱত প্ৰৱেশ কৰা প্ৰতিজন লোকে দেখিবলৈ পাব নগা লোকসকলৰ সুন্দৰ এখন বাৰীৰ সৈতে একোটিকৈ অসম আৰ্হিৰ ঘৰ । লগতে আছে ভড়ালঘৰ, ঢেকীশাল আদি । বিহুৰ বতৰতে হওক অথবা অন্যান্য সময়তে হওক সচৰাচৰ অসমীয়া লোকৰ দৰে নগা লোকসকলে ঢেকীশালত বিবিধ পিঠা-পনা প্ৰস্তুত কৰি অতিথিক আপ্যায়িত কৰে ।

উল্লেখ্য যে, অসম নাগালেণ্ডৰ মাজত বিভিন্ন সময়ত সংঘাতৰ সৃষ্টি হ’লেও মইনাটিং নগা গাঁওবাসীয়ে কেতিয়াও ভাঙোনমুখী হ’বলৈ দিয়া নাই নগা অসমীয়াৰ সম্পৰ্কক । প্ৰায় 70 টা নগা পৰিয়ালে অসমক মাতৃভূমিৰূপে আঁকোৱালি লৈ অহাৰ লগতে অসমত ভোটাধিকাৰ স্যবাস্ত কৰি আহিছে ।

মইনাটিং গাঁওবাসীৰ স্পষ্ট মত, নগা হিচাপে নহয়, তেওঁলোকে নিজকে অসমীয়া হিচাবেহে চিনাকি দি গৌৰৱবোধ কৰে । ইফালে ব’হাগ মাহৰ শেষত প্ৰতি বছৰৰ দৰে এইবাৰো গাঁওখনত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰা হৈছে আউলিং উৎসৱ (Owling Festival of Naga tribes)। এই উৎসৱৰ সময়চোৱাত নগা লোকসকলৰ পৰম্পৰাগত নৃত্য গীতেৰে মুখৰিত হৈ পৰে মইনাটিং গাঁও ।

লগতে পঢ়ক : World Migratory Bird Day : পূৰ্বৰ দৰে কলিয়াবৰৰ জয়সাগৰ দলনিলৈ কলৰৱ তুলি নাহে পৰিভ্ৰমী পক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.