যোৰহাট,১৫ মাৰ্চ: আজি ঢোলৰ যাদুকৰ মঘাই ওজা দিৱস । ৰাজ্যজুৰি স্মৰণ গণশিল্পীগৰাকীক । যোৰহাটতো মঘাই ওজা দিৱস উপলক্ষে AJYCPৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ(Moghai ojha diwas observes in Jorhat) । বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধা জ্ঞাপন ঢোলৰ যাদুকৰলৈ ।
সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাট থানা তিনি আলিত থকা মঘাই ওজা আৱক্ষ মূৰ্ত্তিত মাল্যাৰ্পন আৰু বিভিন্ন অনুষ্ঠানৰ মাজেৰে তেওঁক শ্ৰদ্ধা জনাই দিনজোৰা কাৰ্যসুচীৰে মঘাই ওজা দিৱস পালণ কৰে । আজি তাৰিখত গণ শিল্পী গৰাকী ৰজাঘৰীয়া পৰা অৱহেলিত হৈছে বুলি আক্ষেপ প্ৰকাশ কৰে যুৱ ছাত্র পৰিষদ সাধাৰণ সম্পাদক পলাশ চাংমাই ।
ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঢোলৰ যাদুৰে অসমৰ নাম প্ৰতিষ্ঠা কৰা মঘাই ওজা এক দুৰাৰোগ্য ৰোগত ভোগী ১৯৭৮ চনৰ ১৫ মাৰ্চত ইহলীলা সম্বৰণ কৰিছিল । বিশিষ্ট ঢুলীয়া সোমনাথ বৰা ওজাক এইবাৰ প্ৰদান কৰা হব মঘাই ওজা বঁটা ।
লগতে পঢ়ক: অখিল গগৈৰ মতে নচলে সদন : বিশ্বজিৎ দৈমাৰী