ETV Bharat / state

Rupjyoti Kurmi: ছাগলী নলাত পৰিলেই পশু এম্বুলেন্স নামাতিব; ৰূপজ্যোতি কুৰ্মী

মৰিয়নিত পশু এম্বুলেন্স সেৱা উদ্বোধন কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা অধীনত যোগান ধৰা হৈছে এই এম্বুলেন্স ৷

Rupjyoti Kurmi
Rupjyoti Kurmi
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 4:33 PM IST

মৰিয়নিত পশু এম্বুলেন্স সেৱা উদ্বোধন

যোৰহাট, 22 ছেপ্টেম্বৰ: মৰিয়নিবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ’ল ৷ শুকুৰবাৰে মৰিয়নিৰ নগৰ পশু চিকিৎসালয়ত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা অধীনত পশুধন সাৰথি এনিমেল এম্বুলেন্সৰ শুভ উদ্বোধন কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷

ৰোগীৰ বাবে এম্বুলেন্স যোগান ধৰাৰ লগতে পশুৰ বাবেও পৰ্যাপ্ত এম্বুলেন্স যোগান ধৰাৰ বাবে নিজেই হাত চাপৰি বজাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিলে বিধায়কগৰাকীয়ে ৷ পশু এম্বুলেন্স সেৱা উদ্বোধন কৰি বিধায়কগৰাকীয়ে কয় যে পূৰ্বে এম্বুলেন্সৰ সংখ্যা কম আছিল ৷ এতিয়া মানুহ আৰু পশুৰ বাবে পৰ্যাপ্ত এম্বুলেন্স যোগান ধৰি বিকাশৰ এক ধাৰা সৃষ্টি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

আনহাতে এই এম্বুলেন্স সেৱা প্ৰয়োজন অনুসৰিহে ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিভ্ৰান্তিকৰ তথ্য প্ৰদান কৰি পশু চিকিৎসকৰ দলক বিপথে পৰিচালিত নকৰিবলৈও বিধায়ক কুৰ্মীয়ে আহ্বান জনায় ৷ ছাগলী এটা নলাত পৰিল বুলিয়েই বা মুৰ্গী এটা লুটি খাই পৰিলেই এম্বুলেন্সলৈ ফোন নকৰিবলৈ ধেমেলীয়া সুৰেৰে ৰাইজক আহ্বান জনায় ৰূপজ্যোতি কুৰ্মীয়ে ৷

উল্লেখ্য যে এই এম্বুলেন্স সেৱাত থাকিব এদল পশু চিকিৎসকলৰ দল ৷ ৰাইজে 1962 নম্বৰত ফোন কৰি পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ এই এম্বুলেন্সৰ সেৱা লাভ কৰিবলৈ সক্ষম হ’ব ৷ পৰ্যায়ক্ৰমে নিশাৰ ভাগলৈয়ো এই এম্বুলেন্স সেৱা প্ৰদানৰ বাবে চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে ৷ উল্লেখ্য যে এই এম্বুলেন্স সেৱাই ৰাইজক যথেষ্ট উপকৃত কৰিব লাগিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক: Jogen Mohan: কংগ্ৰেছৰ প্ৰৰোচনাত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে একাংশ চাহ শ্ৰমিকে; যোগেন মহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.