ETV Bharat / state

Congress slams BJP: মোডীৰ শাসনকালত দেশত গণতন্ত্ৰ খৰ্ব হৈছে: ভাস্কৰ বৰুৱা

author img

By

Published : Apr 2, 2023, 10:22 PM IST

Updated : Apr 3, 2023, 12:23 AM IST

যোৰহাটত কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাৰ সংবাদমেল । সংবাদমেলত ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়কগৰাকী (Rahul Gandhi disqualified from parliament) । গণতন্ত্ৰক উলংঘা কৰি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হৈছে বুলি উল্লেখ কৰে বিধায়ক বৰুৱাই ।

MLA Bhaskar Baruah PC on Rahul Gandhi defamation
মোডীৰ শাসনকালত দেশত গণতন্ত্ৰ খৰ্ব হৈছে: ভাস্কৰ বৰুৱা

যোৰহাট,২ এপ্ৰিল: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা প্ৰসংগক লৈ সমগ্ৰ দেশতে অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ বেআইনীভাৱে ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰি অসমতো কংগ্ৰেছ কৰ্মীসকলে জিলাই জিলাই সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ (MLA Bhaskar Baruah slams BJP) ৷ প্ৰদেশ কংগ্ৰেছৰ আহ্বান মৰ্মে প্ৰতিখন জিলাতে সম্বোধন কৰা হৈছে সংবাদমেলৰ ।

দেওবাৰে যোৰহাটত এই প্ৰসংগক লৈ এখন সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ বিধায়ক ভাস্কৰ বৰুৱাই (MLA Bhaskar Baruah PC on Rahul Gandhi defamation)। ৰাহুল গান্ধী সাংসদ পদৰ পৰাৰ বহিস্কাৰ কৰিলেও ৰাহুল গান্ধীৰ মুখ মোডীয়ে বন্ধ কৰিব নোৱাৰে বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে কংগ্ৰেছ নেতাগৰাকীয়ে পূৰ্ণ উদ্যমেৰে দেশৰ জনতাৰ হকে মাত মাতি যাব আৰু দেশবাসীৰ হকে কাম কৰিৰ যাব । বৰ্তমান সময়ত দেশত গণতন্ত্ৰ খৰ্ব হৈছে বুলিও মত প্ৰকাশ কৰে ভাস্কৰ বৰুৱাই (Rahul Gandhi disqualified from parliament) ।

তেওঁ উল্লেখ কৰে যে, দেশৰ গণতন্ত্ৰৰ এই শোচনীয় অৱস্থা বৰ্তমান বিদেশতো চৰ্চা হৈছে (Congress slams BJP) । তিতাবৰ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰুৱাই লগতে কয় যে, বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসন কালত দেশৰ গণতন্ত্ৰ খৰ্ব হৈছে । সকলো সংস্থাক নিজৰ হাতৰ মুঠিত ৰাখি কাম কৰিবলৈ অগ্ৰসৰ হৈছে মোডী চৰকাৰ । সেয়েহে দেশ অনিশ্চয়তাৰ দিশে গতি কৰিছে বুলি পুনৰ মন্তব্য প্ৰদান কৰে বিধায়কগৰাকীয়ে (Rahul Gandhi defamation) ।

উল্লেখ্য যে চূৰাটৰ আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে ‘মোডী উপাধি’ৰ মন্তব্যক লৈ দাখিল কৰা মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল ৷ ২০১৯ চনৰ এপ্ৰিল মাহত কৰ্ণাটকৰ কোল্লাৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰিছিল যে "কেনেকৈ সকলো চোৰে মোডীক উমৈহতীয়া উপাধি হিচাবে লৈছে"।

আদালতে ৰাহুল গান্ধীৰ জামিনত অনুমোদন জনোৱাৰ লগতে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পৰাকৈ ৩০ দিনৰ বাবে তেওঁৰ শাস্তি স্থগিত ৰাখে ৷ ইফালে আদালতৰ ৰায়দানৰ পাচতেই কেৰালাৰ ৱায়নাদ লোকসভা সমষ্টিৰ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হৈছিল । তাৎপৰ্যপূৰ্ণ যে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱা পাচত প্ৰধানমন্ত্ৰী মোডী আৰু আদানীক লক্ষ্য কৰি কংগ্ৰেছৰ লগতে বিৰোধী দলসমূহে সমগ্ৰ দেশতে প্ৰতিবাদ আৰু সংবাদমেল সম্বোধন কৰি আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয় । বৰ্তমান ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পাচতেই উক্ত বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছে কংগ্ৰেছে ।

লগতে পঢ়ক: Lovlina Borgohain in Majuli; ফেৰীত উঠাৰ সুকীয়া আমেজ ল’লে লাভলীনা বৰগোঁহায়ে

Last Updated : Apr 3, 2023, 12:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.