যোৰহাট, 19 নৱেম্বৰঃ শীতৰ আগমণৰ লগে লগে পৰিভ্ৰমী পক্ষীয়ে ভৰি পৰে যোৰহাটৰ বৃহত্তৰ নিমাতী অঞ্চলত । ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চল পটিয়া ফকলা,বৰচলা-বিল,নতুন গোহাঁই গাঁৱৰ বিলত এতিয়া সুলভ হৈ পৰিছে নানা ৰঙী পক্ষীৰ নান্দনিক দৃশ্য ৷
উল্লেখযোগ্য যে, শীতকাল আৰম্ভ হোৱাৰ লগে লগে বৰচলা, পটিয়া ফকলা বিলত ভৰি পৰে বনৰীয়া হাঁহ,ৰাজহাঁহ,চাকৈ চকুৱা,আদি বিভিন্ন পক্ষী ৷ কম জনবসতিৰ এই অঞ্চল এতিয়া পক্ষী মধুৰ কাকলিৰে মুখৰিত কৰি ৰাখিছে ৷ পক্ষী নিৰীক্ষণ কেন্দ্ৰ হিচাপে গঢ় দিব পৰা সম্পূৰ্ণ সম্ভাৱনা আছে ব্ৰহ্মপুত্ৰৰ কাষৰীয়া এই পটিয়া ফকলা আৰু নতুন গোহাঁই গাঁও অঞ্চলটো ৷ চাকৈ চকুৱা অৰ্থাৎ ৰুডিছেল ডাক,বাৰহেড্ডেদ গ্ৰীজ, গ্ৰে'লেগ গ্ৰীজ, গ্ৰ'চি আইৰিছ, ব্লেক হেড্ডেদ আইৰিছ, পিংক হেড্ডেদকে ধৰি বহু পৰিভ্ৰমণ পক্ষী আগমন ঘটে যোৰহাটৰ এই অঞ্চললৈ ৷ যোৰহাট জিলা বন বিভাগৰ পৰা পক্ষী নিধন কৰা ক্ষেত্ৰত কঠোৰ নিয়ম আছে যদিও এই অঞ্চলত প্ৰায়ে একাংশ লোকে সময়ে সময়ে পক্ষী নিধন কৰি আহিছে ৷ এই ক্ষেত্ৰত বনবিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা উচিত ৷ সুদূৰ হিমালয় পৰ্বতমালা পাৰ হৈ আহি এইদৰে আলহী পক্ষীয়ে এতিয়া মায়াময় পৰিবেশ সৃষ্টি কৰিছে যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলত ৷
লগতে চাওকঃ মাজুলী ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ ফেৰী,যাত্ৰীৰ মাজত হাহাকাৰ