ETV Bharat / state

মৰিয়নীত উপস্থিত বহিঃৰাজ্যত আৱদ্ধ অসমীয়া

author img

By

Published : May 16, 2020, 12:46 PM IST

তৃতীয় দিনাও বহিঃৰাজ্যত আৱদ্ধ অসমীয়া লোকৰ ৰেলযোগে অসমলৈ আগমন অব্যাহত আছে, স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হৈছে এইসকল লোকক ৷

MARIANI RAJDHANI SPECIAL
মৰিয়নীত উপস্থিত বহিঃৰাজ্যত আৰ্ৱদ্ধ অসমীয়া

মৰিয়নী, 16মেঃ বহিঃৰাজ্যত আৱদ্ধ অসমৰ লোকসকল অহাৰ সুবিধাৰ্থে চলা বিশেষ ৰাজধানী ৰেলৰ আজি তৃতীয়খন ৰেল আহি মৰিয়নীত উপস্থিত হয় । ৰাতিপুৱা 3.30 বজাত মৰিয়নীত উপস্থিত হ'বলগীয়া এই বিশেষ ৰেলখন প্ৰায় দুইঘণ্টা পলমকৈ অৰ্থাৎ 5.30 বজাত উপস্থিত হয় । কেইবা শতাধিক অসমৰ যাত্ৰী কঢ়িয়াই অনা এই বিশেষ ৰেলখনৰ পৰা মৰিয়নীত 27 জন যাত্ৰী নামে । তাৰে গোলাঘাট জিলাৰ 13 জন আৰু যোৰহাট জিলাৰ 14 জন যাত্ৰী আছিল ।

মৰিয়নীত উপস্থিত ৰেলযোগে বহিঃৰাজ্যত আৰ্ৱদ্ধ অসমীয়া

মৰিয়নী জংছনত যোৰহাট জিলা প্ৰশাসনে নিয়োজিত কৰা চিকিৎসকৰ দলৰ দ্বাৰা এই যাত্ৰী সকলক নিখুঁত ভাবে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে । সকলো যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁলোকক নিজ নিজ জিলাস্থিত কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহলৈ প্ৰেৰণ কৰে । বিশেষ ৰেল যোগে মৰিয়নীত নমা যাত্ৰীসকলক নৈতিক সমৰ্থন জনোৱাৰ অৰ্থে বিধায়ক ৰূপজ্যোতি কুৰ্মী প্ৰতিদিনে পুৱা মৰিয়নী জংছনত উপস্থিত থাকি সেইসকল লোকৰ মনোবল বৃদ্ধি কৰে।

লগতে পঢ়কঃ গহপুৰ কোৱাৰেন্টাইন কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত দত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.