ETV Bharat / state

উৰুকাৰ নিশা ভেলাঘৰত যোৰহাটৰ এখন গাঁৱৰ ৰাইজৰ অনশন - কুহুমযোগমীয়া  যোৰহাট

যোৰহাটৰ উত্তৰ পশ্চিম প্ৰান্তত থকা কৃষিপ্ৰধান কুহুমযোগমীয়া গাঁৱৰ ৰাইজে উৰুকাৰ নিশা গ্ৰহণ কৰিছে অনশন ৷ নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু কৃষক নেতা অখিল গগৈকে ধৰি সকলো কাৰাবন্দীক মুক্তিৰ দাবীত এই প্ৰতিবাদী সিদ্ধান্ত গাঁওখনৰ ৰাইজৰ ৷

jorhat magh bihu celebrated
উৰুকাৰ নিশা ভেলাঘৰত যোৰহাটৰ এখন গাঁৱৰ ৰাইজৰ অনশন
author img

By

Published : Jan 15, 2020, 12:34 AM IST

যোৰহাট, 14 অক্টোবৰঃ ৰাজ্যৰ চৌপাশে বাপতিসাহোন ভোগালীৰ উৎসাহ ৷ পৰম্পৰা ৰক্ষা কৰি উৰুকাৰ নিশা ভেলাঘৰৰ কাষত হেঁপাহেৰে এসাজ খাইছে সকলোৱে একেলগে ৷ কিন্তু যোৰহাটৰ এখন গাঁৱৰ ৰাইজৰ মাজত নাই ভোগালীৰ ভোগ ৷ ভেলাঘৰৰ কাষত ভোজ ভাতৰ পৰিৱৰ্তে উৰুকাৰ নিশা গঞা ৰাইজে গ্ৰহণ কৰিছে অনশন ৷ কাৰণ এটাই, নাগৰিকত্ব সংশোধনী আইন ৷

যোৰহাটৰ উত্তৰ পশ্চিম প্ৰান্তত থকা কৃষিপ্ৰধান কুহুমযোগমীয়া গাঁৱৰ ৰাইজে এনেদৰে একত্ৰিতভাৱে চৰকাৰ বিৰোধী শ্লগানেৰে কঁপাই তুলিলে উৰুকাৰ নিশা ৷ জুইৰ উত্তাপত জ্বলিল নাগৰিকত্ব সংশোধনী আইন ৷ সমগ্ৰ গাঁওখনৰ পুৰুষ-মহিলা, যুৱক-যুৱতীৰ পৰা বৃদ্ধা বণিতালৈকে সকলোৱে অংশগ্ৰহণ কৰিছে অনশনত ৷ উৰুকাৰ নিশাৰ পৰা বিহুৰ দিনা দিনৰ 12 বজালৈকে অনশন চলাই যাব ৰাইজে ৷ লগতে ভেলাঘৰৰ প্ৰাংগনৰ পৰাই কৃষক নেতা অখিল গগৈক মাওবাদীৰ গোচৰত গ্ৰেপ্তাৰ কৰা কাৰ্যক ধিক্কাৰ দি অতিশীঘ্ৰে মুক্তিৰো দাবী তুলিলে যুৱকসকলে ৷

উৰুকাৰ নিশা ভেলাঘৰত যোৰহাটৰ এখন গাঁৱৰ ৰাইজৰ অনশন

এতিয়া প্ৰশ্ন হয় , বাপতিসাহোন ভোগালীৰ ভোগ কাঢ়ি নি উৰুকাৰ নিশা অনশন কৰিবলৈ বাধ্য কৰোৱা এইসকল ৰাইজৰ মুখামুখি হ'ব পাৰিবনে কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰ ৷ নে মাঘৰ মেজিৰ উত্তাপত সংকল্প লোৱা অসমীয়া ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিব বেলটত তাৰ বাবে বাট চাব লাগিব অনাগত সময়লৈ ৷

লগতে পঢ়ক , ভোগালীৰ উছাহত মতলীয়া সমগ্ৰ ৰাজ্য

Intro:আজি ভোগালী বিহুৰ উৰুকা।।
উৰুকাৰ নিশা "কা"বিৰুদ্ধে প্ৰতিবাদ এখন গাৱৰ।।
অগ্নিত দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিকৃতি।।

Body:আজি উৰুকা।সমগ্র ৰাজ্য এতিয়া উৰুকাৰ নিশাৰ ভোজৰ আয়োজন।হেপাহৰে এখাজ খোৱাৰ দিন অসমীয়া জাতিৰ।কিন্তু এই উৰুকাৰ নিশা এখন গাৱৰ ব্যক্তিক্ৰমী পৰিৱেশ।গাৱ খনত মাথোঁ প্ৰতিবাদৰ চলগান।

গাৱখনৰ প্ৰায় সকলো লোকে উলাই আহি কৰিছে প্ৰতিবাদ।নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পূৰুষ-মহিলা, যূৱক-যূৱতী আনকি কন কন শিশু ও আহি কৰিছে প্ৰতিবাদ।

গণতান্ত্ৰিক আন্দোলন কৰা অসমীয়া জাতিক ৰাজ্য চৰকাৰে বুলেটৰে উত্তৰ দিলে তাৰ প্ৰত্তোতৰ নিৰ্বাচনত বেলটৰে দিব।জাতিক ভাল পোৱা জাতিৰ হৈ গণতান্ত্ৰিক আন্দোলন কৰা কৃষক নেতা অখিল গগৈক দেশদ্ৰোহি সজাই কাৰাগাৰলৈ নিক্ষেপ কৰা কায্যক ধিক্কাৰ দিছে গাওৰ ৰাইজে।

অগ্নি সন্মুখত একগোট হৈ উৰুকাৰ জুইত দাহ কৰিছে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিকৃতি।

byte_গাৱৰ যূৱক।

যোৰহাটৰ কুহুমযোগনীয়া গাওৰ যূৱক সকলৰ উদ্যোগ গাওৰ ৰাইজে উৰুকাৰ নিশাৰ পৰা মাঘবিহুৰ দিনৰ ১২ বজালৈকে গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী।

Conclusion:২০২১ ৰ নিৰ্বাচনত বিজেপি চৰকাৰক বুলেটৰ উত্তৰ বেলেটৰে দিব অসমীয়া ৰাইজে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.