ETV Bharat / state

আন্তঃজিলা বাছ সেৱা মুকলি কৰাৰ দাবীৰে যোৰহাটত অভিনৱ প্ৰতিবাদ - আন্তঃজিলাৰ যাতায়ত ব্যৱস্থাৰ ক্ষেত্ৰত শিথিলতা প্ৰদান

যোৱা 17 আগষ্টত ৰাজ্য চৰকাৰে ঘোষণা কৰা নতুন SOP ত বহু দিশত শিথিলতা প্ৰদান কৰা হৈছে যদিও আন্তঃজিলা বাছ সেৱাৰ ক্ষেত্ৰত চৰকাৰে প্ৰদান নকৰিলে কোনো নিৰ্দেশনা ৷ যাৰ বাবে বিপাঙত পৰিছে ৰাজ্যৰ বাছ মালিক তথা কৰ্মচৰী সকলে ৷ যাৰ বাবে ৰাজ্যৰ ঠায়ে ঠায়ে সাব্যস্ত হৈছে তীব্ৰ প্ৰতিবাদ ৷

innovative-protests-in-jorhat-demanding-reopening-of-inter-district-bus-service
আন্তঃজিলা বাছ সেৱা মুকলি কৰাৰ দাবীৰে যোৰহাটত অভিনৱ প্ৰতিবাদ
author img

By

Published : Aug 18, 2021, 10:52 PM IST

যোৰহাট, 18 আগষ্ট : ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা নতুন ক'ভিড SOP সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বে-চৰকাৰী পৰিবহন সন্থাৰ কৰ্মীসকলে ৷ আন্তঃজিলাৰ যাতায়ত ব্যৱস্থাৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হৈছে যদিও আন্তঃজিলা বাছ সেৱা বন্ধ ঘোষণা কৰিলে চৰকাৰে ৷ যাৰ পৰিপেক্ষিতত বুধবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ বাছৰ মালিক-কৰ্মচাৰীয়ে৷ সমান্তৰালকৈ যোৰহাটতো প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ বাছৰ মালিক-কৰ্মচাৰীয়ে ৷

আন্তঃজিলা বাছ সেৱা মুকলি কৰাৰ দাবীৰে যোৰহাটত অভিনৱ প্ৰতিবাদ

আন্তঃজিলা বাছ সেৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল ৰখাৰ বিৰুদ্ধে বুধবাৰে যোৰহাটত মাক্স পৰিধান নকৰি প্ৰতিবাদ সাব্যস্ত কৰিলে জিলা খনৰ বাছ মালিক,চালক আৰু পৰিচালক সকলে ৷ যোৰহাট জিলা আন্তঃৰাজ্যিক বাছ পৰিবহন আস্থানত অতি অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে এই সকল বাছৰ মালিক-কৰ্মচাৰীয়ে ৷

অতি শীঘ্ৰে এই সন্দৰ্ভত উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷ মূলতঃ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷

উল্লেখ্য যে, বিগত প্ৰায় 3 মাহ ধৰি আন্তঃজিলা বাছ সেৱাৰ ক্ষেত্ৰত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰি থোৱাৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ বে-চৰকাৰী বাছ চালক-পৰিচালকৰ ৷ কিন্তু এই সন্দৰ্ভত কোনো কাণসাৰ নাই চৰকাৰৰ ৷

যদি ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত এক সুদীৰ্ঘ চিন্তা নকৰে তেনেহলে অনাগত দিনত ব্যাপক প্ৰতিবাদৰ ফলত জীয়াতু ভুগিব লাগিব সাধাৰণ জনতাই ৷ যদি ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত এক সুদীৰ্ঘ চিন্তা নকৰে তেনেহলে অনাগত দিনত ব্যাপক প্ৰতিবাদ ৰ ফলত জিয়াটো ভুগিব লাগিব সাধাৰণ জনতাই ৷

লগতে পঢ়কঃ বাছ সেৱা মুকলি কৰাৰ দাবীত তেজপুৰত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.