ETV Bharat / state

Golaghat Triple Murder update : নাজিবুৰৰ ভাতৃ হাজিবুলক গ্ৰেপ্তাৰ - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বুধবাৰে নিশাই গোলাঘাট ট্ৰিপল হত্যাকাণ্ডৰ মূল অভিযুক্ত নাজিবুৰৰ ভাতৃ হাজিবুলক মৰিয়নীৰ নকচাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ গোলাঘাটৰ ভয়ংকৰ ঘটনাৰ পিচতেই এতিয়া হাজিবুলৰ পত্নীৰ পৰিয়ালৰ লোকে চৰম শংকাত ভুগিছে ৷

Golaghat Triple Murder update
নাজিবুৰৰ ভাতৃ হাজিবুলক গ্ৰেপ্তাৰ
author img

By

Published : Jul 27, 2023, 4:46 PM IST

নাজিবুৰৰ ভাতৃ হাজিবুলক গ্ৰেপ্তাৰ

যোৰহাট, 27 জুলাই : গোলাঘাট ট্ৰিপল হত্যাকাণ্ডৰ ঘটনাই কঁপাইছে ৰাজ্য ৷ এই ঘটনাৰ পিচতে চি আই ডিৰ দলে ক্ষিপ্ৰগতিত চলাইছে অভিযান ৷ বুধবাৰে নিশাই গোলাঘাট ট্ৰিপল হত্যাকাণ্ডৰ মূল অভিযুক্ত নাজিবুৰৰ ভাতৃ হাজিবুলক মৰিয়নীৰ নকচাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

গোলাঘাটৰ ভয়ংকৰ ঘটনাৰ পিচতেই হাজিবুলৰ পত্নীৰ পৰিয়ালৰ লোকে চৰম শংকাত ভুগিছে ৷ বুধবাৰে নিশা হাজিবুলে শহুৱেকৰ ঘৰলৈ থাকিবলৈ আহোঁতেই সংঘমিত্ৰাক নাজিবুৰে হত্যা কৰাৰ দৰে তেওঁলোকৰ জীয়ৰীকো জোঁৱাই হাজিবুলে হত্যা কৰে বুলি আশংকাত ভুগি শাহুৱেকে আৰক্ষীক খবৰ দিয়ে ৷ তাৰ পিচতেই শাহুৱেকৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় হাজিবুলক ৷

এই ঘটনাৰ পিচতে হত্যাকাণ্ডৰ মুল অভিযুক্তৰ নাজিবুৰ ৰহমান বৰাৰ লগতে এই ঘটনা লগত জড়িত সকলক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে হিজবুলৰ শহুৰেকৰ পৰিয়ালৰ লোকে ৷

আনহাতে ঘটনাৰ দ্বিতীয় দিনাৰ পৰাই চিআইডিৰ দলে ঘটনা সংঘটিত হোৱা স্থানৰ লগতে অন্য স্থানত অভিযান আৰম্ভ কৰা লগতে জোৰদাৰ গতিত তদন্ত চলাইছে ৷ 26 জুলাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জীৱিত পৰিয়ালটোৰ একমাত্ৰ সদস্য অংকিতা ঘোষক সাক্ষাৎ কৰে ৷ হত্যাকাণ্ডৰ বলি হোৱা পৰিয়ালটোৰ একমাত্ৰ জীৱিত একমাত্ৰ সদস্য অংকিতা ঘোষক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ অংকিতাক সাক্ষাৎ কৰাৰ পিচত সাংবাদিকৰে হোৱা মত-বিনিময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে এই হত্যাকাণ্ডক লৈ লাভ জিহাদ প্ৰসংগতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ অসমৰ জীয়াৰী সকললৈ গোলাঘাটৰ পৰা মুখ্যমন্ত্ৰীয়ে জনালে বিশেষ আহ্বান, “ছচিয়েল মিডিয়াৰ জৰিয়তে নিজৰ জীৱন সংগী বিচৰা প্ৰক্ৰিয়াত অসম জীয়ৰী, কন্যাক সাৱধান হওক, কাৰণ জীৱনটো নিজৰ ৷ গোলাঘাটৰ এই তিনিটা হত্যাকাণ্ডই প্ৰমাণ কৰিলে যে লাভ জিহাদ সত্য, এটা বাস্তৱ কনচেপ্ট ৷ কেৰালা ষ্টৰীৰ দৰে চিনেমাসমূহ মিছা নহয় ৷ এই বিলাক কথা আমি ক’লে বহুলোকে প্ৰশ্ন কৰে লাভ জিহাদ ক’ত ? আজি গোলাঘাট চহৰৰ মাজমজিয়াত সংঘটিত এই তিনিটা হত্যাকাণ্ডই প্ৰমাণ কৰিছে যে লাভ জিহাদ সত্য ৷”

উল্লেখযোগ্য যে হত্যাকাৰী নাজিবুৰে ৰিমন বৰা বুলি হিন্দুৰ ভুৱা পৰিচয়েৰে দি চচিয়েল মিডিয়াযোগে চিনাকি হৈ বিবাহপাশত আৱদ্ধ হৈছিল 24 জুলাইত পিতৃ-মাতৃৰ সৈতে একেলগে হত্যাৰ বলি হোৱা যুৱতীগৰাকীৰে ৷

উল্লেখ্য যে গোলাঘাট চহৰৰ সঞ্জীৱ ঘোষ, তেওঁৰ পত্নী জুনু ঘোষ আৰু জীয়ৰী সংঘমিত্ৰা ঘোষক অতি নৃশংসভাৱে হত্যা কৰিছিল নাজিবুৰ ৰহমান বৰাই ৷ এই জঘন্য ঘটনা সংঘটিত কৰাৰ পিচতেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল নাজিবুৰে ৷

লগতে পঢ়ক: Golaghat Triple Murder: গোলাঘাট ট্ৰিপল মাৰ্ডাৰে প্ৰমাণ কৰিলে লাভ জিহাদ এতিয়াও আছে; হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.