ETV Bharat / state

FIR lodged against NHIDCL: পথ নিৰ্মাণ তদাৰকী সন্থা NHIDCL ৰ বিৰুদ্ধে এজাহাৰ - FIR lodged against NHIDCL

চাৰিলেনযুক্ত পথ নিৰ্মাণৰ লেহেমীয়া গতি তথা ত্ৰুটিপূৰ্ণ কামৰ বিৰুদ্ধে সৰৱ টীয়কৰ দল-সংগঠন তথা স্থানীয় ৰাইজ । ইয়াৰ মাজতে ১৭ মে' তাৰিখে সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাৰ পাচতে অধিক সোচ্চাৰ হৈ পৰিছে স্থানীয় ৰাইজ । এই সন্দৰ্ভত পথ নিৰ্মাণৰ সৈতে জড়িত তদাৰকী সন্থা NHIDCL ৰ বিৰুদ্ধে টীয়ক আৰক্ষী থানাত দাখিল কৰা হয় এখন এজাহাৰ (FIR lodged against NHIDCL in Teok) ।

FIR lodged against NHIDCL in Teok
পথ নিৰ্মাণৰ তদাৰকী সন্থা NHIDCL ৰ বিৰুদ্ধে এজাহাৰ
author img

By

Published : May 19, 2023, 7:57 PM IST

পথ নিৰ্মাণৰ তদাৰকী সন্থা NHIDCL ৰ বিৰুদ্ধে এজাহাৰ

টীয়ক, ১৯ মে': NHIDCL ৰ বিৰুদ্ধে টীয়ক আৰক্ষী থানাত এক গোচৰ ৰুজু আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ । টীয়কৰ জগদুৱাৰত বিগত ১৭ মে' তাৰিখে সংঘটিত হোৱা দুৰ্ঘটনাৰ পাচতে যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ লেহেমীয়া তথা ত্ৰুটিপূৰ্ণ কামৰ বিৰুদ্ধে টীয়কৰ বিভিন্ন দল-সংগঠন তথা ৰাইজৰ সৰৱ পৰিছে (FIR lodged against NHIDCL) ।

উক্ত পথচোৱাৰ দুৰাবস্থাৰ বাবে নিতৌ সংঘটিত দুৰ্ঘটনাকে ধৰি অনান্য ত্ৰুটিসমূহৰ বিৰুদ্ধে যোৰহাট জিলা প্ৰশাসনে পথ নিৰ্মাণৰ সৈতে জড়িত তদাৰকী সন্থা NHIDCL ৰ বিৰুদ্ধে টীয়ক আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে (FIR lodged against NHIDCL in Teok) । যোৱা ১৭ মে' তাৰিখে সংঘটিত হোৱা দুৰ্ঘটনাত মৃত্যু হৈছিল ভাস্কৰজ্যোতি বৰ্মন নামৰ এজন ONGC ৰ বিষয়াৰ ।

লগতে পঢ়ক: State Convention on Human Rights 2023 : ২১ মে'ত গুৱাহাটীত মানৱ অধিকাৰ ৰাজ্যিক সন্মিলন 2023

পথ নিৰ্মাণকাৰী সংস্থাৰ হেমাহিৰ বাবে সংঘটিত হৈছিল বুলি সৰ্বত্ৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজে । ইতিমধ্যে এই দুৰ্ঘটনাৰ এক প্ৰতিবেদনো দাখিল কৰিছে যোৰহাট জিলা প্ৰশাসনে আৰু ইয়াৰ উচিত তদন্তৰ বাবে দাখিল কৰা হৈছে এজাহাৰ । লগতে ফ'ৰলেন নিৰ্মাণকাৰী সংস্থালৈ যোৰহাট জিলা উপায়ুক্তই পথ নিৰ্মাণৰ সময়ত সাধাৰণ জনসাধাৰণ তথা যাত্ৰীৰ সুৰক্ষাৰ বাবে উপযুক্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে ।

ইপিনে শেহতীয়াকৈ হ'লেও জিলা প্ৰশাসনে এই কোম্পানীৰ বিৰুদ্ধে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অতি আদৰণীয় বুলি সদৰী কৰে বিভিন্ন দল-সংগঠনে ৷ লগতে, কেৱল গোচৰতে সীমাবদ্ধ নাথাকি উচিত তদন্ত তথা ব্যৱস্থা গ্ৰহণ কৰি অকাল মৃত্যুক সাৱটিবলগীয়া হোৱা ভাস্কৰ বৰ্মনৰ পৰিয়ালৰ লগতে টীয়কবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব বুলি আশা প্ৰকাশ কৰিছে টীয়কৰ বিভিন্ন দল-সংগঠনে ৷ তেওঁলোকে এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপ আশা কৰিছে ।

লগতে পঢ়ক: Assam Tourism: সাগৰমালা উন্নয়ন নিগমৰ সৈতে অসম পৰ্যটন নিগমৰ বুজাবুজি চুক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.