ETV Bharat / state

অখিল গগৈৰ মাতৃৰ বিয়োগ বুলি সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ একাংশৰ

বুধবাৰে ৰাতিপুৱাৰ ভাগত একাংশই সামাজিক মাধ্যমত কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ মৃত্যু হোৱা বুলি ভুৱা প্ৰচাৰ চলাই আছে ৷ যি একেবাৰে ভিত্তিহীন বুলি হাস্পতালখনৰ চিকিৎসক আৰু অধিবক্তা সুদীপ্ত গোস্বামীয়ে প্ৰকাশ কৰিছে ৷

অখিল গগৈৰ মাতৃৰ বিয়োগ বুলি সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ একাংশৰ
অখিল গগৈৰ মাতৃৰ বিয়োগ বুলি সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ একাংশৰ
author img

By

Published : Feb 10, 2021, 1:08 PM IST

Updated : Feb 10, 2021, 1:20 PM IST

যোৰহাট, 10 ফেব্ৰুৱাৰী: জেএমচিএইচৰ আই চি ইউত চিকিৎসাধীন হৈ থকা কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ বিয়োগ সম্পৰ্কে চ'চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ ৷ বুধবাৰে ৰাতিপুৱাৰ ভাগত একাংশই সামাজিক মাধ্যমত কৃষক নেতা গৰাকীৰ মাতৃৰ মৃত্যু হোৱাৰ এক ভুৱা প্ৰচাৰ চলাই আছে ৷ কিন্তু হাস্পতালখনৰ চিকিৎসক আৰু অধিবক্তা সুদীপ্ত গোস্বামীয়ে জনোৱা মতে বৰ্তমানেও সুস্থিৰ অৱস্থাত আছে মাতৃ গৰাকী ৷

অখিল গগৈৰ মাতৃৰ বিয়োগ বুলি সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ একাংশৰ

উল্লেখ্য যে, মঙলবাৰে পুৱাৰ ভাগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল অখিল গগৈৰ মাতৃক ৷ হঠাতে অসুস্থ হৈ পৰা মাতৃ গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিছু শাৰীৰক বিসংগতিৰ বাবে আই চি ইউত ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি হাস্পতালখনৰ চিকিৎসকে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: কাইলৈৰ পৰা বিধানসভাৰ অধিবেশনঃ দাখিল নহ'ব পূৰ্ণাংগ বাজেট

Last Updated : Feb 10, 2021, 1:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.