ETV Bharat / state

shocking electricity bill : এমাহৰ বিদ্যুতৰ বিল ৫ লাখ ৪১ হাজাৰ টকা, গ্ৰাহক হতভম্ৱ ! - বিদ্যুতৰ বিল

বিদ্যুতৰ বিলে কন্দুৱাইছে জনতাক ৷ টীয়কৰ দুঘৰৰ এমাহৰ বিদ্যুতৰ বিল আহিছে ক্ৰমে পঞ্চাশ হাজাৰ আৰু পাঁচ লাখ একছল্লিছ হাজাৰ টকা।

current bill sky rocketing price at Teok
দুটা পৰিয়ালৰ এমাহৰ বিদুতৰ বিল ৫০ হাজাৰ আৰু ৫ লাখ ৪১ হাজাৰ টকা
author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 6:05 PM IST

দুটা পৰিয়ালৰ এমাহৰ বিদুতৰ বিল ৫০ হাজাৰ আৰু ৫ লাখ ৪১ হাজাৰ টকা

টীয়ক, 11 ছেপ্টেম্বৰ : 24 ঘণ্টাই বিজুলী ব্যৱস্থাৰ লগতে অনেক প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী লোৱা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ প্ৰতিশ্ৰুতি ধোঁৱাচাঙত উঠিল। এতিয়া বিদ্যুৎ বিভাগ বুলিলেই ইটোৰ পিচত সিটোকৈ অভিযোগ ৷ এদিন বোলে লোডশ্বেডিং, অন্য এদিন বিদ্যুতৰ বিলৰ নামত জোলোকা জোলোকে পানী খুৱাইছে সাধাৰণ জনতাক ৷ এইবাৰ বিদ্যুতৰ বিলৰ নামত দৰিদ্ৰ জনতাক মানসিক হাৰাশাস্তি দিয়াৰ ঘটনা সংঘটিত হৈছে টীয়কত। দুটা পৰিয়ালৰ এমাহৰ বিদুতৰ বিল শুনিলে আপোনাৰো চকু কঁপালত উঠিব ৷

টীয়ক বিদ্যুত উপসংমণ্ডলৰ অধীনস্থ বলমা টঙানি গাঁৱৰ টংকেশ্বৰ বৰফুকন আৰু ৰুলি শইকীয়াৰ পৰিয়াল দুটালৈ এই মাহৰ বিদ্যুতৰ বিল আহিছে ক্ৰমে পঞ্চাশ হাজাৰ আৰু পাঁচ লাখ একছল্লিছ হাজাৰ টকা। ইফালে গাঁওখনৰ প্ৰায় 10 টা পৰিয়ালৰ বিল আহিছে 425 টকাকৈ। ফলত পৰিয়াল দুটাৰ চলিত মাহৰ বিদ্যুতৰ বিল দেখি ভয়তে পেটত হাত ভৰি লুকাইছে ৷ কেনেকৈ পৰিশোধ কৰিব এই বৃহৎ পৰিমাণৰ বিদ্যুতৰ মাচুল ?

এই ঘটনাৰ পিচতে সোমবাৰে টঙানি গাঁৱৰ লোকসকল ৰাজপথলৈ ওলাই আহি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ গাঁওবাসীৰ প্ৰশ্ন যে 24 ঘন্টাৰ বিপৰীতে 10 ঘন্টাও নিয়মীয়া বিদ্যুত যোগান ধৰাত ব্যৰ্থ বিভাগটোৱে এনে অভাৱনীয় বিদ্যুৎ বিলৰ নামত কিয় দৰিদ্ৰ জনতাৰ তেজ শুহি খাব বিচাৰিছে ? এই ক্ষেত্ৰত বিভাগটোৱে উচিত ব্যৱস্থা নকৰিলে ৰাইজৰ বিদ্যুতৰ মাচুল পৰিশোধৰ নামত যে সৰ্বস্বান্ত হৈ পৰিব সেয়া প্ৰায় খাটাং হৈ পৰিছে। সেয়েহে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আশা কৰিছে গাঁওখনৰ ৰাইজসকলে ৷

ভুক্তভোগী গ্ৰাহকজনে ইতিমধ্যে পাঁচলাখটকীয়া বিদ্যুতৰ বিল দেখি বিভাগৰ সৈতে কথা পাতিছিল যদিও তেওঁলোকে মিটাৰ বেয়া বুলি কৈ দায় সামৰে ৷

লগতে পঢ়ক : Looting of money : চি আৰ চি চিয়ে শিক্ষয়িত্রীৰ পৰা কৌশলেৰে লুটিলে 50 হাজাৰ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.