যোৰহাট , 26 মাৰ্চঃপ্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা পৰ্ব শেষ হোৱাৰ পাচত সকলো দলৰ প্ৰাৰ্থীসকলে ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিবলৈ অসমৰ বিভিন্ন মঠ মন্দিৰ তথা নামঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে । তেনে সময়তে যোৰহাট সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক দেখা গ'ল টীয়কৰ কলিয়াপানীৰ আউনীআটি সত্ৰত ৷
মঙলবাৰে বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে টীয়কৰ কলিয়াপানীৰ আউনীআটি সত্ৰত উপস্থিত হৈ নেদেখা জনৰ ওচৰত আঁঠু লৈ আৰ্শীবাদ লোৱাৰ লগতে উপস্থিত ভকত বৈষ্ণৱৰ সেৱা লয়। ইয়াৰ পূৰ্বে পুৱা চটাইস্থিত দক্ষিণপাট শাখা সত্ৰৰ সত্ৰাধিকাৰৰ পৰাও আশীৰ্বাদ গ্ৰহণ কৰে তপন গগৈয়ে । আউনীআটি শাখা সত্ৰ দৰ্শনৰ পাচত তেখেতে টীয়ক আৰু মৰিয়নি সমষ্টিৰ মাজ অঞ্চলত ২৮ তাৰিখে অনুষ্ঠিত হ'ব লগীয়া নিৰ্বাচনী প্ৰচাৰ সভাৰ স্থান পৰিদৰ্শনৰ বাবে ৰাওনা হয়। উল্লেখ্য যে এই নিৰ্বাচনী সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অংশ গ্ৰহণ কৰিব ৷