ETV Bharat / state

দীপাৱলীঃ ৰাজ্যজুৰি মৃৎ শিল্পী ব্যস্ত মাটিৰ চাকি নিৰ্মাণত

author img

By

Published : Oct 23, 2019, 11:59 PM IST

দীপাৱলীক আদৰাৰ বাবে পূৰ্ণ গতিত চলিছে প্ৰস্তুতি ৷ সাজু হৈ উঠিছে মৃৎ শিল্পী ৷ চীনা সামগ্ৰীৰে উভৈয়নদী হৈ পৰা বজাৰত পৰম্পৰা অক্ষুন্ন ৰাখি মৃৎ শিল্পীয়ে নিৰ্মাণ কৰি গৈছে মাটিৰ চাকি ৷

সমাগত পোহৰৰ উৎসৱ দীপাৱলী

নিউজ ডেস্ক, 23 অক্টোবৰঃ সমাগত পোহৰৰ উৎসৱ দীপাৱলী ৷ দীপাৱলীক আদৰাৰ বাবে ৰাজ্যজুৰি চলিছে ভীষণ ব্যস্ততা ৷ ব্যস্ত হৈ পৰিছে মৃৎ শিল্পী ৷ চীনা সামগ্ৰীৰে উভৈয়নদী হৈ পৰা বজাৰত পৰম্পৰা অক্ষুন্ন ৰাখি মৃৎ শিল্পীয়ে নিৰ্মাণ কৰি গৈছে মাটিৰ চাকি ৷ চাঁওক আমাৰ প্ৰতিবেদন.....

দীপাৱলীক আদৰাৰ বাবে ৰাজ্যজুৰি মৃৎ শিল্পী ব্যস্ত মাটিৰ চাকি নিৰ্মাণত

নিউজ ডেস্ক, 23 অক্টোবৰঃ সমাগত পোহৰৰ উৎসৱ দীপাৱলী ৷ দীপাৱলীক আদৰাৰ বাবে ৰাজ্যজুৰি চলিছে ভীষণ ব্যস্ততা ৷ ব্যস্ত হৈ পৰিছে মৃৎ শিল্পী ৷ চীনা সামগ্ৰীৰে উভৈয়নদী হৈ পৰা বজাৰত পৰম্পৰা অক্ষুন্ন ৰাখি মৃৎ শিল্পীয়ে নিৰ্মাণ কৰি গৈছে মাটিৰ চাকি ৷ চাঁওক আমাৰ প্ৰতিবেদন.....

দীপাৱলীক আদৰাৰ বাবে ৰাজ্যজুৰি মৃৎ শিল্পী ব্যস্ত মাটিৰ চাকি নিৰ্মাণত
Intro:শিশু সাৰথি। বিশেষ ভাবে সক্ষম সকলো শিশুৰ বাবে প্ৰতি মুহূৰ্তত দুৱাৰ খোলা আছে। বিৰুবাৰীস্থিত এই ঘৰ খনত প্ৰতি জন শিশুৰ বাবে থাকে বিশেষ আদৰ । আদৰ আৰু মৰমৰ মাজেৰে এই শিশু সকল শিশুয়ে প্ৰতিটো উৎসৱৰ বাবে নিজাববীয়াকৈ চলাই প্ৰস্তুতি। উৎসৱৰ প্ৰস্তুতিৰ বাবে প্ৰত্যকবাৰৰ দৰে এইবাৰো শিশু সকলে নির্মাণ কৰিছে ভিন্ন ৰঙৰ মাটিৰ চাকি। দীপাৱলীৰ প্ৰাকমুহূৰ্তত মাটিৰ চাকিত এনেদৰে ৰং বুলোৱাত ব্যস্ত শিশু সাৰথিৰ এই সকল শিশু। 10 হাজাৰ মাটিৰ চাকিত ৰং বুলাই দেৱালীৰ আগে বিক্ৰীৰ বাবে নিৰ্মান সম্পূৰ্ণ কৰিছে শিশু সাৰথিৰ এই সকল শিশুৱে।


Body:আন বাৰৰ দৰে 20 হাজাৰ অথবা 40 হাজাৰ মাটিৰ চাকি নিৰ্মান নকৰিলেও 10 হাজাৰ মাটিৰ চাকি নিৰ্মান কৰিবলৈ ওলাইছে এইসকল শিশুৱে ।এনেদৰে কেইবা বছৰৰ পৰা নিৰ্মান কৰি আহিছে মাটিৰ চাকি শিশু সাৰথিৰ এই সকল শিশুৱে। শিশু সাৰথিৰ এইসকল শিশুক চাকি নিৰ্মাণত ৰং বুলোৱাৰ পৰা আৰম্ভ কৰি সকলো কাৰ্যত সহায় কৰে শিক্ষায়ত্ৰী সকলে।

Bite:- গায়ত্ৰী দেৱী অধিকাৰী(শিক্ষক)।

মাটিৰ চাকি নিৰ্মান কৰি বিক্ৰীৰ বাবেও বজাৰত মুকলি কৰে শিশু সাৰথি এই সকল শিশুৱে নিৰ্মান কৰা চাকি। দিপাৱলীৰ বাবে শিশু সাৰথিৰ পৰাই প্ৰতি বছৰে 40 টকাৰ পেকেটৰ পৰা 100 টকাৰ পেকেটলৈ বিক্ৰী কৰে মাটিৰ চাকি ।
Bite:-গায়ত্ৰী দেৱী।
মাটিৰ চাকি বিক্ৰীৰ 50 শতাংশ শিশু সাৰথিৰ এইসকল শিশুৰ বাবে খৰচ কৰাৰ লগতে ভৱিষ্যতৰ বাবেও জমা ধন ৰাখি থোৱা হয় বুলিও জানিবলৈ শিশু সাৰথিৰ কৰ্তৃপক্ষই দিয়ে ।কোনো ব্যক্তিয়ে যদি দিপাবলীৰ বাবে ৰঙীন চাকিৰে নিজৰ ঘৰখন সজাব বিচাৰে তেন্তে শিশু সাৰথিৰ পৰাই কিনিব পাৰিব মাটিৰ চাকি।
Bite:- নমিতা শইকীয়া। (coordinator)।



Conclusion:পোহৰৰ উৎসৱ দিপাৱলীয়ে সকলোৰে মনৰ অন্ধৰতা দূৰ কৰাৰ লগতে নাশ কৰক মানুহৰ মনৰ অজ্ঞতা। শিশু সাৰথিৰ এই শিশু সকলৰ এই কাৰ্য হওঁক সকলোৰে বাবে উৎসাহৰ কাৰক আৰু দীপাৱলিয়ে দিয়ক এই শিশু সকলক অফুৰন্তৰ মৰম , সাহস আৰু আশাৰ সঞ্চাৰ।

visual ,byte and ptc all are send by live u .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.