ETV Bharat / state

তিতাবৰত বিষাক্ত কাঠফুলা খাই ফলত মৃত্যু এজনৰ

author img

By

Published : May 6, 2020, 5:04 PM IST

বিগত এসপ্তাহত বিষাক্ত কাঠফুলা ভক্ষণ কৰি মৃত্য়ুক সাৱটি লৈছে ৰাজ্য়ৰ কেইবাজনো লোকে ৷ পুনৰ কাঠফুলা ভক্ষণ কৰি মৃত্য়ুমুখত পৰে তিতাবৰৰ এজন যুৱক ৷ যুৱকজনৰ পিতৃ বৰ্তমান বিষক্ৰিয়াত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷

died for eating poisionus mushroom titabar jorhat etv bharat news
কাঠফুলা ভক্ষণৰ ফলত মৃত্যু

তিতাবৰ,6 মে’ঃ তিতাবৰৰ চৰিয়া পথাৰ মিছিং গাঁৱত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ লক্​ ডাউনৰ ফলত ৰাজ্যৰ একাংশ দৰিদ্ৰ পৰিয়াল খাদ্য় সংকটৰ সন্মুখীন হৈছে । হাতত ফুটাকঢ়ি এটাও নথকা পৰিয়ালসমূহে কচু-ঢেকীয়া আৰু বনৰীয়া কাঠফুলা খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । কিন্তু খাদ্যৰ উপযোগী কাঠফুলা চিনাক্ত কৰিব নোৱাৰাৰ বাবে বিষাক্ত কাঠফুলা ভক্ষণ কৰি মৃত্যুক আঁকোৱালি লৈছে কেইবাগৰাকী লোকে । ডিগবৈৰ পিছত এইবাৰ তিতাবৰত বিষাক্ত কাঠফুলা খাই এজন যুৱকে মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে পিতৃ গুৰুত্বৰভাৱে অসুস্থ হৈ যুঁজিছে মৃত্যুৰে ।

কাঠফুলা ভক্ষণৰ ফলত মৃত্যু

ঘটনাৰ বিৱৰণী অনুসৰি, চৰিয়া পথাৰৰ অন্তৰ্গত মিছিং গাঁৱৰ এটা পৰিয়ালে মঙলবাৰে নিশা আহাৰৰ সৈতে কাঠফুলা খোৱাৰ পিছতে অসুস্থ হৈ পৰে পিতা-পুত্ৰ ক্ৰমে মহিপাল পলং আৰু কিৰণ পলং ৷ পিতা-পুত্ৰৰ অৱস্থা যথেষ্ঠ শোচনীয় হৈ পৰাত পৰিয়ালৰ লোকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দুয়োকে ভৰ্তি কৰে যদিও পুত্ৰ কিৰণে চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লয় । আনহাতে, মহিপাল পলঙক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ পৰামৰ্শ প্ৰদান কৰে চিকিৎসকে ৷ কিন্তু দৰিদ্ৰ পৰিয়ালটোৱে ধনৰ অভাৱত ৰোগীক ঘৰলৈ উভোটাই আনিবলৈ বাধ্য হয় । সম্প্ৰতি বিনা চিকিৎসাৰে ঘৰত জীৱন-মৃত্যুৰে যুঁজিছে ব্য়ক্তিজনে । উল্লেখ্য যে, পৰিয়ালটোৱে মঙলবাৰে বিয়লি চাহ বাগিচাৰ পৰা তুলি অনা বিষাক্ত কাঠফুলা নিশাৰ আহাৰত ভক্ষণ কৰিছিল ৷

লগতে চাওকঃ প্ৰশাসনৰ হাতোৰাত বিধ্বস্ত আৰটিআই কৰ্মী দুলাল বৰাৰ অট্টালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.