ETV Bharat / state

দেৱাশীষ গগৈৰ বাসগৃহত উপস্থিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া - দেৱব্ৰত শইকীয়া

শুকুৰবাৰে গণপ্ৰহাৰৰ বলি হৈ মৃত্যু হোৱা দেৱাশীষ গগৈৰ বাসগৃহত উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ দেৱাশীষ হত্যাকাণ্ডৰ লগত জড়িত দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী বিৰোধী দলৰ দলপতি গৰাকীৰ ৷

debabrat saikia visited debashis gogoi's home

author img

By

Published : Jun 5, 2020, 3:36 PM IST

মৰিয়নী, 5 জুনঃ মৰিয়নীৰ গাভৰু চাহ বাগিছাত গণপ্ৰহাৰৰ বলি হৈ মৃত্যু হোৱা দেৱাশীষ গগৈৰ বাসগৃহত উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ দলপতি গৰাকীয়ে দেবাশীষৰ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰি এই মৰ্মান্তিক ঘটনাৰ ন্যায়িক তদন্তৰ পোষকতা কৰে ৷

দেৱাশীষ গগৈৰ বাসগৃহত উপস্থিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

দেৱব্ৰত শইকীয়াই উল্লেখ কৰা অনুসৰি,সমগ্ৰ ঘটনাৰ সম্পৰ্কত তেওঁ ৰাজ্যপালক এখন স্মাৰক প্ৰদান কৰি ঘটনাৰ ন্যায়িক তদন্তৰ লগতে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ অনুৰোধ জনাইছে ৷ বিৰোধী দলৰ দলপতি শইকীয়াই অসমত সংঘটিত এনে ধাৰাবাহিক ঘটনা সম্পর্কত উদ্বেগ প্ৰকাশ কৰাৰ লগতে,চৰকাৰে দিয়া প্ৰতিশ্ৰুতি গুৰুত্বসহকাৰে পালন কৰিলেহে দুৰ্ভগীয়া পৰিয়াল সমূহে ন্যায় পাব বুলি উল্লেখ কৰে ৷ দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে দাবী জনাইছে বিৰোধী দলৰ দলপতি গৰাকীয়ে ৷

লগতে পঢ়কঃ গাভৰু কাণ্ড সম্পৰ্কত ৰাজ্যপাললৈ স্মাৰক প্ৰেৰণ দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.