মৰিয়নী,19 জুন: যোৰহাট জিলাৰ মৰিয়নী সমষ্টিৰ অন্তৰ্গত চেলেংহাট চাহ বাগিচাত শুকুৰবাৰে পুৱা উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ ৷ চাহ বাগিচাখনৰ সমীপৰ হাটখোলাৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ হয় বন্দনা মুণ্ডা নামৰ বোৱাৰী গৰাকীৰ মৃতদেহ ৷ ঘটনাৰ সূত্ৰ অনুসৰি,পুখুৰীত ওপঙি থকা মৃতদেহটোৰ বিষয়ে মহিলাগৰাকীৰ স্বামী অমৃত মুণ্ডাই আৰক্ষীক জনোৱাৰ পৰিৱৰ্তে নিজে উদ্ধাৰ কৰি বাসগৃহলৈ অনাৰ লগতে ঘটনাটো আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলায় । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে খবৰ দিয়ে চেলেং আৰক্ষীক ৷
ইফালে,স্বামীৰ ভাৱধাৰাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ঘটনাটো হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । বন্দনাৰ পিতৃ পৰিয়ালৰ অভিযোগ অনুসৰি স্বামীয়ে বন্দনাক হত্যা কৰি পুখুৰীত পেলাই থৈছে ৷ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ লগতে অমৃত মুণ্ডাক আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে । ইফালে আৰক্ষী কৰ্তৃপক্ষৰ মৃতদেহ কঢ়িওৱা বাহন নোহোৱাত এখন ঠেলাৰে কঢ়িয়াই থানালৈ নিয়ে মৃতদেহটো ৷ আৰক্ষীৰ এই কাৰ্যত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাইজৰ মাজত ৷
লগতে চাওকঃ ১৩ দিনৰ অন্তৰালত ৭ টকাকৈ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য