ETV Bharat / state

COVID-19ৰ সাহায্য বিতৰণৰ নামত কেলেংকাৰীৰ অভিযোগ - COVID-19ৰ সাহায্য বিতৰণত কেলেংকাৰী

COVID-19ৰ সময়তে ৰাজ্যৰ বিভিন্ন ঠাইত সামগ্ৰী তথা অনুদান বিতৰণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈ আহিছে । শেহতীয়াকৈ যোৰহাটত পোহৰলৈ আহিছে সাহায্য বিতৰণত কেলেংকাৰীৰ অভিযোগ ৷

corruption in covid19 relief fund at jorhat
COVID-19ৰ সাহায্য বিতৰণৰ নামত কেলেংকাৰীৰ অভিযোগ
author img

By

Published : May 13, 2020, 7:38 PM IST

যোৰহাট,13 মে' : যোৰহাট পৌৰসভাৰ অন্তৰ্গত ৭ নং ৱাৰ্ডত সামগ্ৰী বিতৰণ তথা অনুদান প্ৰদানত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে । ৰাজ্য চৰকাৰে দৰিদ্ৰ লোকক বিনামূলীয়া চাউলৰ যোগান ধৰি আহিছে, তাৰোপৰি যি সকল লোকৰ বি.পি.এল কাৰ্ড নাই সেই সকলক ১০০০ টকাকৈ প্ৰদান কৰি আহিছে । কিন্তু তেনে সময়তে বি.পি.এল কাৰ্ড থকা লোক সকলেও ১০০০ টকা অনুদান লাভ কৰি থকাৰ অভিযোগ উত্থাপন হৈছে ৷

COVID-19ৰ সাহায্য বিতৰণৰ নামত কেলেংকাৰীৰ অভিযোগ

যোৰহাটৰ জে.পি আঁৰত বুধবাৰে আৰ্থিক অনুদান লাভ কৰা লোকসকলে পুনৰ বিতৰণ কৰা চাউল ল'বলৈ অহাৰ ফলত ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উল্লেখযোগ্য যে, পৌৰসভাৰ একাংশ কৰ্মচাৰীয়ে ভুলকৈ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । তেঁওলোকৰ অভিযোগ অনুসৰি, COVID-19ৰ সময়ত ৰাজ্য চৰকাৰে জনসাধাৰণৰ হিতৰ বাবে ব্যাপক অনুদান আগবঢ়াই আহিছে যদিও একাংশ কৰ্মচাৰী বাবেই এতিয়া প্ৰকৃত হিতাধিকাৰীসকল বঞ্চিত হৈছে চৰকাৰী অনুদানৰ পৰা। এতিয়া প্ৰশ্ন হৈছে বিধান সভা অধ্যক্ষ গৰাকীৰ গৃহ জিলাত সংঘটিত হোৱা এই ঘটনা কি দৰে ল'ব জিলা প্ৰশাসনে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.