টীয়ক, 5 ছেপ্তেম্বৰঃ আজি শিক্ষক দিৱস ৷ শিক্ষক দিৱসৰ দিনাই ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিগৰাকী শিক্ষাগুৰুক স্মৰণ কৰে, শুভেচ্ছা জ্ঞাপন কৰে ৷ শিক্ষকসমাজৰ এই বিশেষ দিনটোত বিদ্যায়তনিক শিক্ষাৰ লগত জড়িত শিক্ষকসকলক সকলোৱে গুৰুত্ব প্ৰদান কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন গঢ়াৰ ক্ষেত্ৰত বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ প্ৰয়োজন সহ-বিদ্যায়তনিক শিক্ষাৰো ৷ কিন্তু প্ৰায়ে উপেক্ষিত হৈ ৰয় সহ-বিদ্যায়তনিক শিক্ষক সমাজ ৷ এই বিষয়ক লৈ ক্ষোভ প্ৰকাশ কৰিছে যোৰহাটস্থিত অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ বিষয় শিক্ষক দিলীপ ভূঞা বৰবায়ন ৷
তেখেতে কয়, সাম্প্ৰতিক সময়ত বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ জৰুৰী হৈ পৰিছে সহ-বিদ্যায়তনিক শিক্ষা ৷ ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সত্ৰীয়া বিষয়ত স্নাতক তথা স্নাতকোত্তৰ ডিগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰিছে আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে এই শিক্ষাৰে নিজক প্ৰতিষ্ঠা কৰিবলৈও সক্ষম হৈছে ৷ টীয়কৰ মুদৈজান কমলাবাৰী সংগীত বিদ্যালয়ৰ অধ্যক্ষ দিলীপ ভূঞা বৰবায়নে গুৰুদুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে নিস্বাৰ্থভাৱে অহৰহ চেষ্টা কৰি আহিছে ৷ কিন্তু বিনা বেতনেৰে নৱ প্ৰজন্মক সত্ৰীয়া শিক্ষা প্ৰদান কৰি সংস্কৃতিৰ ৰক্ষণাবেক্ষণ প্ৰদান কৰি অহা এই শিক্ষকসকলৰ ক্ষেত্ৰত চৰকাৰে কোনো বেতনৰ ব্যৱস্থা নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰে অধ্যক্ষগৰাকীয়ে ৷ সেয়েহে সত্ৰীয়া সংস্কৃতিৰ শিক্ষাক বাধ্যতামূলক বিষয় কৰাৰ উপৰিও এই শিক্ষাগুৰুসকলক মাননি প্ৰদানৰ বাবে চৰকাৰক আহ্বান জনায় দিলীপ ভূঞা বৰবায়নে ৷
লগতে পঢ়ক-চীনা সৈন্যৰ হাতত বন্দী অৰুণাচলী যুৱক