যোৰহাট,9 ডিচেম্বৰ : ''কংগ্ৰেছ শাসনলৈ আহিলে ৰাইজৰ স্বাৰ্থত কেব আকৌ সংশোধনূ কৰিব'' বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ সোমবাৰে যোৰহাটৰ কেব বিৰোধী গণ প্ৰতিবাদী সভাত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ কেবৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰে ৷
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল হৈ আছে ৰাজ্য ৷ লোকসভাত কেন্দ্ৰীয় চৰকাৰে আজি দিনৰ 12 বজাত উত্থাপন কৰিছে বিধেয়কখন ৷ বিধেয়কখনৰ বিৰোধিতাত ৰাজ্যবাসী প্ৰতিবাদ কৰি থকাৰ সময়তে যোৰহাটৰ কেব বিৰোধী গণ প্ৰতিবাদী সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ উপস্থিত হৈ সৰৱ হৈ পৰে কেবৰ বিৰুদ্ধে আৰু তীব্ৰ ভাষাৰে সমালোচনা কৰে বিজেপি চৰকাৰক ৷
অন্য এক খবৰৰ বাবে : চাবুৱাত কেবৰ বিৰুদ্ধে অট’ চলাই অৰ্ধউলংগ হৈ প্ৰতিবাদ
বিজেপি চৰকাৰে যদি এতিয়া কেব গৃহীত কৰে তেন্তে অনাগত দিনত কংগ্ৰেছ শাসনলৈ আহি কেব সংশোধন কৰিব বুলি মন্তব্য কৰে প্ৰাক্তন মু্খ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কেবৰ বিপক্ষে সকলো অসমবাসীক একত্ৰিত হৈ আন্দোলন অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷
অন্য এক খবৰৰ বাবে : মহানগৰীৰৰ দেৱালে দেৱালে কেব বিৰোধাী শ্ল'গান
ইয়াৰোপৰি, নাগৰিকত্ব সংশোধনী বিধেয়কে ঘূৰাই আনিছে ৮৩ৰ আন্দোলনৰ সময়,এই আন্দোলন দীঘলীয়া হ'ব লাগিব বুলি সকলো নাগৰিককে কেবৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনায় ৷