যোৰহাট, ২৪ নৱেম্বৰ : মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam Chief Minister Himanta Biswa Sarma) ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল । ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ (Assam CM strict against drugs) পাছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে অভিযান চলাইছিল । কোটি কোটি টকাৰ ড্ৰাগছ জব্দ হোৱাৰ লগতে এই চক্ৰৰে জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । এতিয়াও বহু স্থানত ড্ৰাগছ, অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ।
নৱ প্ৰজন্মক ধ্বংসৰ পথলৈ ঠেলি দিয়া নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীৰ এই কঠোৰ স্থিতিকলৈ সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে । সচেতন সমাজে মুখ্যমন্ত্ৰীগৰাকীৰ এই স্থিতিক আদৰণি জনাইছে । বহুতে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ।
ইয়াৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীৰ পদক্ষেপক আদৰণি জনোৱাৰ লগতে তেওঁক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিজেপি দলৰ এগৰাকী কৰ্মীয়ে গ্ৰহণ কৰিছে ব্যতিক্ৰমী প্ৰচেষ্টা । মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে যোৰহাট জিলাৰ পৰা নগাঁৱলৈ পদ যাত্ৰা আৰম্ভ কৰিছে বিজেপি কৰ্মীগৰাকীয়ে । ব্যক্তিগৰাকী হৈছে যোৰহাট তথা টীয়ক কলিয়াপানী জনতা যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি নিজুমণি শৰ্মা ।
২৭-২৮ নৱেম্বৰত নগাঁৱত অনুষ্ঠিত হ'ব ৰাজ্যিক যুৱ মৰ্চাৰ কাৰ্য নিৰ্বাহক সভা (State Yuva Morcha Executive Meeting) । সেই সভাতে মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰিব নিজুমণি শৰ্মাই । মঙলবাৰে যোৰহাটৰ বিজেপি কাৰ্যালয়ৰ পৰা এই পদ যাত্ৰা আৰম্ভ কৰে যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে । যাত্ৰাৰ পূৰ্বে যোৰহাট জিলা বিজেপিৰ সভাপতি কামাখ্যা মোহন দাস, প্ৰাক্তন সম্পাদক শান্তনু পূজাৰী উপস্থিত হৈ নিজুমণি শৰ্মাক এই যাত্ৰাৰ বাবে শুভেচ্ছা জনায় ।
লগতে পঢ়ক : Assam Police reqruitment : এসপ্তাহৰ ভিতৰত 6 হাজাৰ নতুন পদৰ বাবে বিজ্ঞাপন