যোৰহাট,12 ছেপ্তেম্বৰঃ এফালে ক’ভিড-19 ভয়ংকৰ সংক্ৰমণ,আনফালে ৰাজনৈতিক দলৰ মাজত নিৰ্বাচনৰ কুজকাৱাজ। সমাগত ২১ ৰ বিধানসভা নিৰ্বাচন । ব্যস্ততাৰ শেষ নাইকিয়া হৈছে বিভিন্ন ৰাজনৈতিক দলৰ মাজত । ইয়াৰ ব্যতিক্ৰম নহয় শাসনত থকা বিজেপি দল।
শনিবাৰে যোৰহাট জিলাত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভা । যোৰহাটৰ জিৰণি হোটেলত হোৱা সভাখনত উপস্থিত থাকে যোৰহাট জিলাৰ নব-নিৰ্বাচিত প্ৰভাৰী সুৰঞ্জন দত্তৰ লগতে বিজেপি দলৰ কৰ্মী সকল উপস্থিত থাকে । ইপিনে যোৰহাট জিলাৰ প্ৰভাৰী সুৰঞ্জন দত্তই জনোৱা মতে ২১ৰ নিৰ্বাচনৰ বাবে সাজু বিজেপি দল। যোৰহাটৰ দৰে গুৰুত্বপূৰ্ণ সমষ্টিতো কংগ্ৰেছ প্ৰত্যাহ্বান নহয় বিজেপি দলৰ বাবে ৷ ইয়াৰ লগতে মহাজোঁট বন্ধনেও বিজেপি দলক প্ৰভাৱ পেলাৱ নোৱাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰভাৰী
সুৰঞ্জন দত্তই ৷
লগতে পঢ়কঃ জৰাজীৰ্ণ দলঙে সংকট কঢ়িয়াইছে বকোৰ বগুৰীগুৰি-বটিয়ামাৰীবাসীলৈ