যোৰহাট, 31 অক্টোবৰ: নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে শাসক-বিৰোধী দলৰ মাজত পৰিলক্ষিত হৈছে আক্ৰমণ-প্ৰত্যাক্ৰমণ । কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰক উভতি ধৰিলে অসম চাহ জনগোষ্ঠী মৰ্চা বিজেপিৰ ৰাজ্যিক সভাপতি দুলেন নায়কে । উল্লেখ্য যে, দেওবাৰে মৰিয়নী কঠালগুৰি বাগিচাত কংগ্ৰেছৰ নেতৃত্বত গ্ৰহণ কৰা বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচী অনুষ্ঠানত অংশ লৈ উজনি অসমৰ প্ৰভাৱশালী চাহ জনগোষ্ঠীয় কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰে কৈছিল যে বিজেপিৰ শাসন কালত চাহ শ্ৰমিকসকলৰ পদ মৰ্যাদা লাঘৱ হৈছে ৷
ইয়াৰ প্ৰত্যুত্তৰ দি অসম চাহ জনগোষ্ঠী মৰ্চা বিজেপিৰ ৰাজ্যিক সভাপতি দুলেন নায়কে ঘাটোৱাৰক উভতি ধৰি কয় যে কংগ্ৰেছৰ দিনত যিসমূহ সমস্যাৰে চাহ জনগোষ্ঠী লোকসকল ভাৰাক্ৰান্ত আছিল, সেই সমস্যাৰ পৰা মুক্ত কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ৷ পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ দিনত বাগানৰ বাট-পথৰ অৱস্থা আছিল তথৈবচ ৷ বিজেপি চৰকাৰৰ দিনত সেই সমূহ পকীকৰণ কৰা হৈছে ৷
চাহ বাগিচাৰ বিদ্যালয়সমূহ বাগিচা কৰ্তৃপক্ষই চলাইছিল ৷ কিন্তু সেইসমূহ বিদ্যালয় এতিয়া অসম চৰকাৰৰ অধীনলৈ অনাৰ লগতে নতুনকৈ শিক্ষক নিযুক্তি দিয়া হৈছে বুলি দাবী কৰে বিজেপি নেতাগৰাকীয়ে । অন্যহাতে বৰ্তমান চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত চাহ শ্ৰমিকৰ সন্তানে সফলতাৰে উত্তীৰ্ণ হোৱাৰ লগতে শ্ৰমিকসকলে একাউণ্টত তেওঁলোকৰ প্ৰাপ্য লাভ কৰে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷
ইয়াৰোপৰি, পানিকা আঁচনিৰ অধীনত চাহ শ্ৰমিকৰ সন্তানক জলপানি দিয়া, শ্ৰমিক সন্তানক নাৰ্ছ পঢ়িবলৈ সুবিধা কৰি দিয়া লগতে বিভিন্ন ফলপ্ৰসূ পদক্ষেপ আৰু আঁচনিৰ জৰিয়তে চাহ জনগোষ্ঠীয় ৰাইজৰ কল্যাণ সাধিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হয় বুলি দাবী কৰে চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সভাপতি দুলেন নায়কে ।
পৱন সিং ঘাটোৱাৰে কংগ্ৰেছ চৰকাৰ দিনত বহুকেইটা কাৰ্যকাল কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নিযুক্ত হৈ থকাৰ লগতে চাহ মজদুৰ সংঘত থাকি চাহ জনগোষ্ঠীয় সমাজৰ বাবে কি কৰিলে বুলি নায়কে ঘাটোৱাৰক প্ৰশ্ন উত্থাপন কৰে ৷
লগতে পঢ়ক: Theft incident at Rangia: মটৰ চুৰি কৰিবলৈ যোৱা চোৰৰ পিঠিত ৰাইজৰ ঔকিল