যোৰহাট, 17এপ্ৰিলঃ সমগ্ৰ ৰাজ্য এতিয়া ৰঙালী বিহুৰ আনন্দত মতলীয়া । বিহু মানেই যেন আনন্দৰ উৎসৱ। কিন্তু কালৰ গতিত যেন হেৰাই গৈছে ৰঙালীৰ আচল ৰং।
ক্ৰমাৎ হেৰাই যোৱাৰ পথত একালৰ চোতালৰ হুঁচৰি ৷ হয়তো সময়ৰ অভাৱ অথবা পৰম্পৰা ধৰি ৰখাৰ অনীহা। কিন্তু ৰঙালী বিহুৰ প্ৰকৃত আনন্দ আৰু উলাহ ঘূৰাই অনাৰ প্ৰয়াসেৰে যোৰহাটৰ পশ্চিম যোৰহাটৰ সামাজিক অনুষ্ঠান "প্ৰয়াসৰ" উদ্যোগত আৰু যুৱ সমাজৰ সহযোগত ভৱিষ্যত প্ৰজন্মৰ মাজত হুঁচৰিৰ প্ৰকৃত তাৎপৰ্য আৰু ৰূপ দাঙি ধৰাৰ উদ্দেশ্যেৰে পশ্চিম যোৰহাটৰ পকিমুৰী গাঁৱৰ নামঘৰৰ পৰা আৰম্ভ কৰে ৰাতিৰ হুঁচৰি। প্ৰায় শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা হুঁচৰি দলটোৱে গাঁওখনৰ প্ৰায়বোৰ গৃহস্থৰ ঘৰত হুঁচৰি মৰাৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে অসমীয়া সমাজৰ জীৱনৰ অবিচ্ছেদ্য অংগ ৰঙালী বিহুৰ হুঁচৰি আকৌ নতুন প্ৰজন্মৰ আগত দাঙি ধৰা প্ৰয়াস এক আৰ্দশ হৈ পৰিছে।