ETV Bharat / state

ATPA Shield Football Tournament : ৩০ মাৰ্চৰ পৰা ঐতিহাসিক এটিপিএ শ্বিল্ড ফুটবল প্ৰতিযোগিতা - যোৰহাট জিলা ক্ৰীড়া সন্থা

৩০ মাৰ্চৰ পৰা যোৰহাটত আৰম্ভ হ’ব এটিপিএ শ্বিল্ড ফুটবল প্ৰতিযোগিতা ৷ ৩০ মাৰ্চৰ পৰা ১২ এপ্ৰিললৈকে অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত এটিপিএ শ্বিল্ড ফুটবল প্ৰতিযোগিতাখনি । মুঠ ১৪ টা দলে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত (ATPA Shield Football Tournament in Jorhat) ৷

Etv Bharat
Etv Bharat
author img

By

Published : Mar 27, 2023, 10:14 PM IST

এটিপিএ শ্বিল্ড ফুটবল প্ৰতিযোগিতা সন্দৰ্ভত সংবাদ মেল

যোৰহাট, 27 মাৰ্চ : যোৰহাটত ৩০ মাৰ্চৰ পৰা আৰম্ভ হ’ব এটিপিএ শ্বিল্ড ফুটবল প্ৰতিযোগিতা ৷ শতবৰ্ষ গৰকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অহা ৩০ মাৰ্চৰ পৰা ১২ এপ্ৰিললৈকে অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত এটিপিএ শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ । ৫৭ সংখ্যক এটিপিএ শ্বিল্ড ফুটবল প্ৰতিযোগিতা সম্পৰ্কত সোমবাৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এক সংবাদ মেলৰ ৷ এই সংবাদ মেলখনৰ আঁত ধৰে জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে (Football tournament in Jorhat) ।

জিলা ক্ৰীড়া সন্থাৰ ফুটবল চেয়াৰমেন ললিত বড়া, উপ সভাপতি ৰবীন শইকীয়া, ৰিতুৰাজ বড়া যুটীয়া সম্পাদক বিমান বুঢ়াগোহাঁই, জেষ্ঠ সদস্য অমল বৰুৱাৰ উপস্থিতিত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে সংবাদ মেলত প্ৰথমবাৰৰ বাবে এটিপিএ শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ সকলো খেল নিশা অৰ্থাৎ সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰে । এইবছৰ অসমৰ বাহিৰৰ ৩ টা দলে ফুটবল প্ৰতিযোগিতাখনিত যোগদান কৰিব বুলি জানিবলৈ দিয়ে পূজাৰীয়ে ।

মুঠ ১৪ টা দলৰ মাজত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা দলসমূহ হ'ল জয়গাঁও ইউনাইটেড (পশ্চিম বংগ), বি .এচ. এচ স্পটিং ক্লাব (কলকাতা), এচ.এচ.বি (শিলিগুৰি), অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ (গুৱাহাটী, চেম্পিয়ন-2022), অসম পুলিচ ব্লুচ (গুৱাহাটী), ইলেভেন ষ্টাৰ স্পটিং ক্লাব (বঙাইগাঁও), ইউনাইটেড চিৰাং দুৱাৰ এফ চি (চিৰাং), অসম ৰাইফল, লেনৰুল এফ চি (কাছাৰ), চিটি এফ চি (গুৱাহাটী), ওৱেক আপ গাইজ (ডিব্ৰুগড়), কাৰছাং এফ চি (মাজুলী) যোৰহাট জিলা এ ডিভিজন চেম্পিয়ন দল যোৰহাট টাউন ক্লাৱ আৰু উপ ক্ৰীড়া সন্থা চেম্পিয়ন দল মৰিয়নি উপ ক্ৰীড়া সন্থাই অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে (ATPA Shield Football Tournament in Jorhat) ।

৩০ মাৰ্চৰ উদ্ধোধনী খেলৰ প্ৰাকক্ষণত কেইবাটাও সাংস্কৃতিক অনুষ্ঠিত হ’ব বুলি আয়োজকসকলে জানিবলৈ দিয়ে । এইবাৰ খেল উদ্ধোধন কৰিব প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ হেৰল্ড চাংমাই । প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত যোৰহাটবাসীৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে যোৰহাট জিলা ক্ৰীড়া সন্থাই ।

লগতে পঢ়ক : Amritpal Singh news Update: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙৰ দেহৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.