ETV Bharat / state

বৰকটকী কোম্পানীৰ অসমীয়া কেলেণ্ডাৰ কিনিবলৈ গ্ৰাহকৰ ভিৰ

উজনি অসমৰ সকলোৰে পৰিচিত বৰকটকী কোম্পানীৰ অসমীয়া কেলেণ্ডাৰ কিনিবলৈ গ্ৰাহকৰ ভিৰ ৷ বৰ্ষ চক্ৰ ,বিয়া ,উপনয়ন, শ্ৰাদ্ধ বিধি ,শুভ দিন ,ঘৰ লোৱা ,হাল যোৰা ,হাল খতি ,ধান ৰোৱা ,গুটি সিঁচা ইত্যাদি সুন্দৰকৈ সাধাৰণ লোকে বুজি পোৱাকৈ ছপোৱা থাকে এই কেলেণ্ডাৰ খনত ৷

author img

By

Published : Apr 13, 2021, 9:43 AM IST

উজনী অসমৰ বৰকটকী কোম্পানীৰ অসমীয়া কেলেণ্ডাৰ কিনিবলৈ গ্ৰাহকৰ ভিৰ

যোৰহাট, 13 এপ্ৰিল: অসমীয়া নতুন বছৰ অহাৰ লগে লগে অসমীয়া কেলেণ্ডাৰ কিনিবলৈ গ্ৰাহকৰ ভিৰ পৰিলক্ষিত যোৰহাটৰ বৰকটকী কোম্পানীত ৷ উজনি অসমৰ অসমীয়া কেলেণ্ডাৰ হিচাপে প্ৰসিদ্ধ বৰকটকী কোম্পানীৰ কেলেণ্ডাৰখন ৷ অসমীয়া নতুন বছৰ আৰু এই কেলেণ্ডাৰৰ ওতঃপ্ৰোত সম্বন্ধ আছে ৷

বৰকটকী কোম্পানীয়ে বহাগ বিহুৰ প্ৰায় দুদিন মান আগতে বজাৰত মুকলি কৰে এই কেলেণ্ডাৰ ৷ মধ্য আৰু উজনি অসমৰ প্ৰতিঘৰ অসমীয়াৰ জিৰণি কোঠাত ওলমি থাকে এই বিশেষ অসমীয়া কেলেণ্ডাৰখন ৷

উল্লেখ্য যে, বৰকটকী কোম্পানীৰ কেলেণ্ডাৰখনত সাধাৰণ লোকে বুজি পোৱাকৈ বৰ্ষ চক্ৰ, বিয়া, উপনয়ন, শ্ৰাদ্ধ বিধি, শুভ দিন, ঘৰ লোৱা, হাল যোৰা, হাল খতি, ধান ৰোৱা, গুটি সিঁচা ইত্যাদি সুন্দৰকৈ ছপা কৰা থাকে ৷ অসমীয়া চহাসকলৰ বাবে এই কেলেণ্ডাৰখন এখন ‘কৃষি ভিত্তিক অভিধান’ হিচাপে পৰিচিত ৷

লগতে পঢ়ক: বোৱাৰী বিহু নামেৰে উদুলি-মুদুলি পৰিৱেশ ডিব্ৰুগড়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.