যোৰহাট, 27 ডিচেম্বৰ : নতুন পেঞ্চন নীতি বাতিলৰ দাবীত সদৌ অসম এন পি এছ কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন(All Assam NPS workers protest in Jorhat ) ৷ ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰী সকলৰ ওপৰত জাপি দিয়া এন পি এছ(NPS) নীতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম এন পি এছ কৰ্মচাৰী সংস্থা । দহদিন চাকৰি কৰিলে DCRG বাবদ ১০ লাখ টকা প্ৰদান কৰা আশ্বাস দিছিল ৰাজ্য চৰকাৰে ৷ কিন্তু ৰাজ্য চৰকাৰৰ সেই প্ৰতিশ্ৰুতি এতিয়া যেন ফুটুকাৰ ফেনলৈ পৰিৱৰ্তন হৈছে ৷
সেয়ে সোমবাৰে যোৰহাট জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত দুই শতাধিক শিক্ষক-কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । বৰ্তমান ৰাজ্যৰ এই কৰ্মচাৰী সকলে নিজৰ অনাগত ভৱিষ্যতকলৈ চিন্তিত কৰি তুলিছে ৷ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী জনাই এন পি এচ কৰ্মচাৰী সন্থাই আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে এন পি এছ কৰ্মচাৰীসকলে ৷
লগতে পঢ়ক : নতুন পেঞ্চন নীতি বাতিলৰ দাবীত আন্দোলনৰ হুংকাৰ