ETV Bharat / state

স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰি টীয়কৰ এদল মহিলা - স্বাৱলম্বী

যি সয়মত কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱে ভিন্ন ক্ষেত্ৰৰ লগত জড়িত লোকৰ জীৱনলৈ আৰ্থিক মন্দাৱস্থাৰ দৰে দুৰ্যোগ নমাই আনিছে, তেনে সময়তে ব্যতিক্ৰমী পদক্ষেপেৰে মাস্ক বিক্ৰী কৰি পোৱা টকাৰ লাভাংশৰে টীয়কৰ একাংশ মহিলাই প্ৰশস্ত কৰিছে স্বাৱলম্বীতাৰ পথ ৷

স্বাৱলম্বীতাৰ পথ প্ৰশস্ত
স্বাৱলম্বীতাৰ পথ প্ৰশস্ত
author img

By

Published : Sep 24, 2020, 4:25 PM IST

টীয়ক, 24 ছেপ্তেম্বৰ: ব্যতিক্ৰমী পদক্ষেপেৰে কিবা এটা কৰাৰ মানসেৰে ওলাই আহিল টীয়কৰ এদল মহিলা ৷ থলুৱা সামগ্ৰীৰ লগতে খাদ্য সম্ভাৰেৰে তেওঁলোকে টীয়কৰ মাজমজিয়াত আৰম্ভ কৰিলে আপ্যায়ন শীৰ্ষক এখন বিপণী ৷ টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আঁচনিৰ অন্তৰ্গত ত্ৰিনয়না মণ্ডল পৰ্যায়ৰ সংগঠনৰ দ্বাৰা পৰিচালিত মহিলা সকলে ইয়াৰ জৰিয়তে নিজৰ লগতে লগতে আনৰো উপাৰ্জনৰ বাট মোকলাইছে ৷

স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰি টীয়কৰ এদল মহিলা

ভিন্ন পিঠা পনা প্ৰস্তুত কৰি কোনো ধৰণৰ প্লাষ্টিকজাত সামগ্ৰী ব্যৱহাৰ নকৰাকৈয়ে সম্পূৰ্ণ থলুৱা পাত্ৰত থলুৱা খাদ্যৰ জুতি ল'ব পৰাকৈ ব্যৱস্থা কৰিছে মহিলা সকলে ৷ তামোলৰ ঢকুৱা, মাটি আদিৰে নিৰ্মিত পাত্ৰ ব্যৱহাৰ কৰি তেওঁলোকে প্লাষ্টিকৰ বিকল্প উলিওৱাৰ ওপৰিও থলুৱা মৃৎশিল্পী সকলৰ বাবে সুচনা কৰিছে এক আশাৰ ৰেঙণি ৷ কালৰ গৰাহত অসমীয়া সমাজৰ পৰা হেৰাই যাবলৈ উপক্ৰম হোৱা বহু সমল জীয়াই ৰখাৰ ক্ষেত্ৰতো তেওঁলোকে মনোনিৱেশ কৰিছে ৷ উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সময়ত মহিলাসকলে মাস্ক প্ৰস্তুত কৰি পোৱা টকাৰে আৰ্থিকভাৱে লাভান্বিত হোৱাৰ লগতে, সেই লাভাংশৰে বিপণী খন আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে তেওঁলোকে ৷

লগতে পঢ়ক: আৰ্থিক দীনতাই কোঙা কৰা মৰাণৰ এটা পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.