টীয়ক,9 আগষ্ট: বান বিভীষিকাই বিধ্বস্ত কৰা যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখৰ বাসিন্দা আবুল আলীৰ পৰিয়াললৈ নামি আহিছে চৰম বিপৰ্যয় ৷ পৰিয়ালটোৰ মৰ্মবেদনা আৰু দুৰৱস্থাৰ ফলত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৷ শেহতীয়াকৈ ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা লুইতৰ বলীয়া বানে সম্পূৰ্ণৰূপে ভেটি-মাটি উছন কৰিছিল পৰিয়ালটোৰ ৷ জাঁজীমুখ অঞ্চলৰ কৈৱৰ্তগড়ৰ বাসিন্দা এই পৰিয়ালটোৰ সন্মুখেৰে বৈ গৈছিল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী ৷ মুহুৰ্ততে সকলো শেষ হৈ গৈছিল পৰিয়ালটোৰ ৷ কিন্তু এনে সময়তে ডেৰ বছৰীয়া শিশু কন্যাৰ সৈতে বাস কৰা আবুল আলীৰ পত্নী আছমা বেগমৰ শৰীৰত ধৰা পৰিছিল এক জটিল ৰোগ ৷ সম্প্ৰতি বানৰ প্ৰকোপ শাম কটাত চুবুৰীয়াই মিলি ব্যক্তিগৰাকীৰ বাসগৃহটো মেৰামতি কৰি দিয়ে যদিও পত্নীৰ চিকিৎসাৰ বাবে ব্যক্তিগৰাকীৰ হাতত মজুত নাই পৰ্যাপ্ত ধন ৷ তেনে সময়তে এক দুৰ্ঘটনাত পতিত হয় আবুল আলী ৷ মুঠৰ ওপৰত বিপদে লগ নেৰা পৰিয়ালটো বৰ্তমান সন্মুখীন হৈছে তীব্ৰ আৰ্থিক সমস্যাৰ ৷
পৰিয়ালটোক প্ৰয়োজন ৰাইজৰ সহায়ৰ ৷ সেয়ে আবুল আলীয়ে সহায় বিচাৰিছে সদাশয় ৰাইজৰ ৷ সু-হৃদয়ৱান ৰাইজৰ সহায়ে পুনৰ হেৰুওৱা হাঁহি ঘূৰাই আনিব পাৰে পৰিয়ালটোলৈ ৷ আবুল আলীয়ে এক বেংক একাউণ্ট নম্বৰ মুকলি কৰিছে ৷ একাউণ্ট নম্বৰটো হৈছে- UBI শাখাৰ 0803010546881, IFSC - UTBIOKKJ641 ৷ অথবা সহায় আগবঢ়াবলৈ ইচ্ছুক সদাশয় ৰাইজে ব্যক্তিগৰাকীক যোগাযোগ কৰিব পাৰে 8086387825 নম্বৰত ৷
লগতে চাওকঃ মৈৰাবাৰীত বৃহৎ পৰিমাণৰ নকল নোট উদ্ধাৰ