ETV Bharat / state

Nilmani Phookan: সোণাৰু ভালপোৱা কবিৰ আজি 91 সংখ্যক ওপজা দিন - Kavyarishi Nilmani Phukan

কাব্যঋষি নীলমণি ফুকনৰ ওপজা দিনতেই তেওঁ সপোন পূৰণ কৰিলে দেৰগাঁৱবাসী আৰু পৰিয়ালে । মহান কবিগৰাকীৰ ইচ্ছা অনুযায়ী সোণাৰু ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে পৰিয়ালৰ লোকে ।

91st birthday of Kavyarishi Nilmani Phukan
সোণাৰু ফুল ভালপোৱা কবিৰ ওপজাদিন
author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 3:35 PM IST

সোণাৰু ফুল ভালপোৱা কবিৰ ওপজাদিন

দেৰগাঁও, ১০ ছেপ্টেম্বৰ: আজি কাব্যঋষি প্ৰয়াত নীলমনি ফুকনৰ ৯১ সংখ্যক ওপজা দিন । সোণাৰু ফুল ভালপোৱা কবিগৰাকীৰ অন্তিম ইচ্ছা আছিল কাব্যঋষি ওপজা ঠাই দেৰগাঁৱক সোণাৰুৰ হালধীয়া ৰূপেৰে নতুন ৰূপত সজায় তোলে । পৰিয়ালৰ লোকে ইতিমধ্যেই বিভাগীয় অনুমোদন লাভ কৰিলে কবিগৰাকী সপোনক দিঠক কৰিবলৈ ।

আজিৰ এই বিশেষ দিনটোত কবিৰ ইচ্ছাক বাস্তৱায়িত কৰিবলৈ দেৰগাঁৱৰ স্থানীয় ৰাইজ, স্বেচ্ছাসেৱী অনুষ্ঠান সৃজনম আৰু কবিগৰাকীৰ পৰিয়ালৰ লোকৰ উদ্যোগত আনুষ্ঠানিকভাৱে সোণাৰু ৰোপণৰ কাৰ্যসূচী দেৰগাঁৱৰ শান্তিপুৰৰ পৰা শুভাৰম্ভ কৰে । লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপৰ দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰোপণ কৰা হ'ব সোণাৰুৰ পুলি ।

উল্লেখ্য যে কাব্যঋষি নীলমণি ফুকনৰ ১৯৯৩ চনৰ ১০ ছেপ্টেম্বত গোলাঘাট জিলাৰ দেৰগাঁৱত জন্মগ্ৰহণ কৰিছিল ৷ তেওঁ ইতিহাস বিষয়ত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । তেওঁ ১৯৫০ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰে । ১৯৬৪ চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে আৰু ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰে ।

কবিতা শীৰ্ষক স্ব-নিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে প্ৰয়াত নীলমণি ফুকন ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । ১৯৯০ চনত ভাৰত চৰকাৰ তৰফৰ পৰা পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰা হয় এইগৰাকী মনিষীক ৷ ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ ২০০২ চনত প্ৰদান কৰা হয় । কবি ফুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লীট’ উপাধি প্ৰদান কৰে ।

নতুন দিল্লীস্থিত ভাৰতীয় জ্ঞানপীঠে 2021 চনত নীলমণি ফুকনক সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰে ৷ জ্ঞানপীঠ বঁটা লাভ কৰা কবি নীলমণি ফুকন হৈছে তৃতীয়গৰাকী অসমীয়া সাহিত্যিক । কবি নীলমণি ফুকন আছিল অসমীয়া ভাষাৰ এগৰাকী শ্ৰেষ্ঠ কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক ।

লগতে পঢ়ক: Tea wine in Assam : প্ৰথমবাৰৰ বাবে চাহৰ পৰা প্ৰস্তুত কৰা ৱাইন লৈ সাজু উদ্যোগী আল্পনা শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.