ETV Bharat / state

60 year old woman protest : মেট্ৰিকৰ দুটাকৈ পৰীক্ষা বাতিলত অতিষ্ঠ আইতা ওলাই আহিল ৰাজপথলৈ - 60 year old woman protest

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ লগতে দুটাকৈ পৰীক্ষা বাতিলৰ প্ৰসংগক লৈ উত্তাল হৈ আছে ৰাজ্যৰ চৌদিশ ৷ যোৰহাটৰ ৰাজপথত ৬০ৰ উৰ্ধ্বৰ এগৰাকী বৃদ্ধাৰ প্ৰতিবাদ । প্ৰশ্নকাকত ফাদিল প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান বৃদ্ধা গৰাকীৰ (Old woman protests in streets over leakage of question papers) ৷

old woman challenges Assam CM
মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান এগৰাকী বৃদ্ধাৰ
author img

By

Published : Mar 18, 2023, 8:25 AM IST

Updated : Mar 18, 2023, 9:16 AM IST

যোৰহাট, 18 মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল প্ৰসংগত উত্তাল হৈ আছে ৰাজ্যৰ চৌদিশ ৷ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছিল মেট্ৰিকৰ বিজ্ঞান আৰু MIL বিষয়ৰ পৰীক্ষা ৷ একাধিক প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি ক্ষোভত ফাটি পৰিছে ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বিভিন্ন দল-সংগঠন ৷ ৰাজপথত শিক্ষামন্ত্ৰী ৰণোজ পেগু, ছেবাৰ (SEBA) অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰশ্নকাকত ফাদিল কাণ্ডৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰী সকলে ( Protest against SEBA) ৷

তাৰ মাজতেই শুক্ৰবাৰে যোৰহাটৰ ৰাজপথত এগৰাকী ৬০ৰ উৰ্ধ্বৰ বৃদ্ধাৰ প্ৰতিবাদ । প্ৰশ্নকাকত ফাদিল প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান বৃদ্ধা গৰাকীৰ (An old woman challenges Himanta Biswa Sharma)৷ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বৃদ্ধা গৰাকীয়ে কয় যে, ছাত্ৰ সমাজক লৈ হেতালি নেখেলিব । আমিহে জানো শিক্ষাৰ্থী সকলে অধ্যয়নৰ নামত কিমান উজাগৰী নিশা কটাই, সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি জানিব বুলি প্ৰত্যাহ্বান জনাই কৰিলে প্ৰশ্ন । এইদৰে প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি ৰাজপথত ক্ষোভত ফাটি পৰা দেখা গ'ল বৃদ্ধা গৰাকীক।

প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে প্ৰথমতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান আৰু তাৰ পাছত অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল হোৱাক কেন্দ্ৰ কৰি বিভিন্ন দল-সংগঠনৰ লগতে ছাত্র-ছাত্ৰী, অভিভাৱকে প্ৰতিবাদত উত্তাল কৰি তুলিছে ৰাজপথ (HSLC question paper leak)। শিক্ষাৰ্থী সকলৰ বছৰজোৰা কষ্ট, অধ্যৱসায়ক ভেঙুচালি কৰি পুনৰ এবাৰ পৰীক্ষা বাতিল কৰিলে ছেবাই । বিজ্ঞান বিষয়ৰ পাছত ১৮ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষাও বাতিল কৰিছে ছেবাই (HSLC Assamese exam canceled)৷ ইয়াৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে প্ৰতিবাদ মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য ।

ইতিমধ্যে প্ৰশ্ন কাকত ফাদিল প্ৰসংগত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ এই ঘটনাৰে জড়িত ইজনৰ পিছত সিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

আনহাতে বাতিল হোৱা বিজ্ঞান আৰু অসমীয়া বিষয়ৰ পৰীক্ষা পুনৰ অনুষ্ঠিত হোৱাৰ দিন ঘোষণা কৰিছে ছেবাই ৷ 30 মাৰ্চত অনুষ্ঠিত হ'ব বিজ্ঞান বিষয়ৰ পৰীক্ষা আৰু 1 এপ্ৰিলত অনুষ্ঠিত হ'ব অসমীয়া বিষয়ৰ পৰীক্ষা ৷

লগতে পঢ়ক:HSLC students protest : পৰীক্ষা দীঘলীয়া হ’লে পৰীক্ষাত নবহাৰ হুংকাৰ পৰীক্ষাৰ্থীৰ

Last Updated : Mar 18, 2023, 9:16 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.