যোৰহাট, ২৯ জুন: শিৱসাগৰ জিলাৰ পৰা পৃথক হৈ ১৯৮৩ চনৰ ১ জুলাইত ঐতিহাসিক যোৰহাট জিলা গঠন হৈছিল । আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাট এখন সাংস্কৃতিক আৰু শিক্ষাৰ নগৰী হিচাপে পৰিচিত । ৰাজ্য চৰকাৰৰ সিদ্ধান্ত মৰ্মে যোৰহাট জিলা প্ৰশাসনে ৰাইজৰ সহযোগিতাৰে তিনিদিনীয়াকৈ জিলা দিৱস উদযাপন কৰা হৈছে । বৃহস্পতিবাৰে প্ৰথম দিনাৰ কাৰ্যসূচীত পুৱা ১০ বজাত জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত যোৰহাট জিলা প্ৰতিষ্ঠাৰ ৪০ তম বৰ্ষপূৰ্তিৰ উপলক্ষে জিলাখনৰ বিশিষ্ট ব্যক্তি,বিধায়ক আৰু সাংসদৰ দ্বাৰা ৪০খন পতাকা উত্তোলন কৰা হয় । ইয়াৰ পিচতেই যোৰহাট পৌৰসভা কাৰ্যালয়ৰ চৌহদৰ পৰা যোৰহাট চহৰখন পৰিস্কাৰ কৰি ৰখাৰ বাবে জনস্বাক্ষৰ অভিযান আৰম্ভ কৰা হয় ।
যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট সাহিত্য সভা আৰু প্ৰশাসনৰ যৌথ উদ্যোগত দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত লেখক-সন্মিলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । 'মৰমৰ যোৰহাট'ৰ অধীনত চাহ বাগিছা, চৰকাৰী কাৰ্যালয়, চৰকাৰী ভূমি, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আদিত গছপুলি ৰোপণ, পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু আলোকসজ্জা কৰা হৈছে । ইয়াৰ উপৰি 'মৰমৰ যোৰহাট'ৰ অধীনত জিলাখনৰ ৮৬ খন গাঁও পঞ্চায়তত বিশেষ গাঁওসভা অনুষ্ঠিত কৰা হয় ।
উক্ত বিশেষ গাঁও সভাসমূহত পঞ্চায়তৰ সভাপতি, সম্পাদক, জীৱিকা সখী,পশু সখী আৰু অন্যান্য স্থানীয় বিষয়ববীয়াসকল উপস্থিত থাকে । স্থানীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতা, “মোৰ মৰমৰ যোৰহাট” শীৰ্ষক বিদ্যালয়সমূহত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান যোৰহাটৰ দ্বাৰা প্ৰদৰ্শনীমূলক ষ্টল আৰু সকলো গাঁৱতে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় ।
৩০ জুনত দ্বিতীয় দিনৰ কাৰ্যসূচীত পুৱা চাইকেল ৰেলী (যোৰহাট, টীয়ক, মৰিয়নি আৰু তিতাবৰত), বিশিষ্ট ব্যক্তিসকলৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি, বিয়লি ৩ বজাত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা বিহুৰ বিশ্ব অভিলেখ গঢ়া যোৰহাটৰ বিহুনৃত্য শিল্পী সকললৈ আনুষ্ঠানিকভাৱে যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত যোৰহাট জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত চেক বিতৰণ আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব । লগতে জিলাখনৰ ইতিহাস সম্বলিত ফটো, সাংস্কৃতিক উত্তৰণ, জিলাখনৰ বিভিন্ন ঐতিহাসিক ক্ষেত্ৰ আদি উপলব্ধ থকাকৈ প্ৰদৰ্শনী মেলা উদ্বোধন কৰা হ'ব ।
অহা ১ জুলাই প্ৰতিষ্ঠা দিৱস অৰ্থাৎ তৃতীয় দিনৰ কাৰ্যসূচীত জিলাখনৰ সকলো ৰাজহ গাঁৱৰ জ্যেষ্ঠ নাগৰিকৰ দ্বাৰা পতাকা উত্তোলন, পুৱা ৮ বজাত কাছাৰী ময়দানৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা, যোৰহাট জিলাৰ সকলো চাহ বাগিছাত পতাকা উত্তোলন আৰু চৰকাৰী বিভিন্ন আঁচনি, আধাৰ পঞ্জীয়ন, নিচাযুক্ত সামগ্ৰীৰ প্ৰতিৰোধ ,বাল্য বিবাহ প্ৰতিৰোধ, পথ নিৰাপত্তা আদিকে ধৰি বিভিন্ন বিষয়ত সজাগতামূলক সভাৰ আয়োজন কৰা হৈছে । বিয়লি ৪ বজাৰ পৰা জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত মুকলি সভা লগতে সাংস্কৃতিক কাৰ্যসূচী, ভাওনা, ৰাজহ গাঁৱৰ জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা,কৃষি ,পশু চিকিৎসা ,হস্ততাঁত আৰু বস্ত্ৰশিল্প, ৰেচম,মীন আদিৰ ক্ষেত্ৰত প্ৰগতিশীল ব্যক্তিক সম্বৰ্ধনা, জিলাখনলৈ শিক্ষাৰ ক্ষেত্ৰত গৌৰৱ কঢ়িওৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন, জিলা ভিত্তিত হোৱা প্ৰতিযোগিতাত পুৰস্কাৰপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন ।
আজি প্ৰথম দিনা কাৰ্যসূচীত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্য়োতি কুৰ্মী,ভাস্কৰ বৰুৱা,সাংসদ তপন কুমাৰ গগৈ,কামাখ্যা প্ৰসাদ তাছাসহ কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ।
লগতে পঢ়ক:python rescued in Assam: দুলীয়াজানৰ ম'হমাৰীত প্ৰকাণ্ড অজগৰ উদ্ধাৰ