লামডিং, 20 ছেপ্তেম্বৰ: শনিবাৰে নিশা লামডিং-লংকা সংযোগী 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ AS-25BC-2606 নম্বৰৰ এখন জেনন পিক আপ ভানে নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰাৰ ফলত থিতাতে নিহত হয় এজন লোক ।
আনহাতে, গুৰুতৰভাৱে আহত হৈছে ভানখনত থকা অন্য 10 জন লোক ৷ নিহত লোকজন ডবকা মদাৰতলিৰ চাৰিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, আহত লোককেইজন ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কামত নিয়োজিত হৈ আছিল ৷ লামডিঙৰ পৰা পানী নিবলৈ গৈ থকা অৱস্থাতে চালকৰ উদ্ভাণ্ডালিত বাহনখন বাগৰি পৰি এই দুৰ্ঘটনা সংঘটিত হয় ৷
আহত কেইজনক ইতিমধ্যে লামডিং চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে বৰ্তমানো পলাতক অৱস্থাত আছে গাড়ীচালকজন ৷
লগতে পঢ়ক: বিটিচিৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিব লাগিব: মন্ত্ৰী পীযুষ হাজৰিকা