হোজাই,5 নৱেম্বৰ: অসম সন্তান তথা ৰিপ্লাবিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ ৷ সাংবাদিকগৰাকীক বিনা চৰ্তে তথা স-সন্মানে মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰিছে হোজাই জিলা চাহ জনজাতীয় ছাত্ৰ সন্থাৰ সদস্যসকলে ৷ উল্লেখ্য যে, বুধবাৰে পুৱা অৰ্ণৱ গোস্বামীক বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে ৷ ২০১৮ বৰ্ষৰ এক গোচৰৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদকগৰাকীক গ্ৰেপ্তাৰ কৰে ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ কৰা অনুসৰি ২০১৮ চনত সংঘটিত হোৱা এক আত্মহত্যাৰ ঘটনাত অৰ্ণৱ আৰু আন দুগৰাকী ব্যক্তিৰ বিষয়ে উল্লেখ কৰা হৈছিল এক চুইচাইড নোটত ৷ পৰৱৰ্তী সময়ত সেই গোচৰ বন্ধ কৰি দিয়া হয় ৷
তদুপৰি, মুম্বাই আৰক্ষীয়ে সাংবাদিকগৰাকীক শাৰিৰীক অত্যাচাৰ চলোৱাৰো এক অভিযোগ উত্থাপিত হৈছে ৷ উক্ত ঘটনাৰ বাবে মুম্বাই আৰক্ষী আৰু মহাৰাষ্ট্ৰ চৰকাৰক এতিয়া তীব্ৰ ভাষাৰে নিন্দা জনাইছে বহুজনে ৷ এই ঘটনাৰ পাছতে ৰাজ্যৰ লগতে দেশৰ বহুতো প্ৰভাৱশালী নেতাই সম্পাদকগৰাকীৰ সমৰ্থনত প’ষ্ট আপলোড কৰা নাইবা টুইট কৰা পৰিলক্ষিত হৈছে ৷ উক্ত ঘটনাৰ বিৰুদ্ধে বৃহস্পতিবাৰে হোজাইত প্ৰতিবাদ সাব্যস্ত কৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ সদস্য সকলে ৷ প্ৰতিবাদকাৰীসকলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে ছোনিয়া গান্ধীৰো প্ৰতিচ্ছবি ভৰিৰে মোহাৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে বিভিন্ন প্ৰকাৰৰ শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ শীঘ্ৰে যদিহে সাংবাদিকগৰাকীক মুকলি কৰি দিয়া নহয়, তেন্তে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে ৷
লগত চাওকঃ তেজপুৰত সুধাকণ্ঠক স্মৰণ বিভিন্ন সংগঠনৰ