হোজাই, 7 জুন: হোজাইত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু ৷ বুধবাৰে হোজাইত এক বিশেষ কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ হোজাইৰ শংকৰদেৱ নগৰস্থিত ভাৰতীয় জনতা পাৰ্টিৰ, হোজাই জিলা কাৰ্যালয়ত অনুষ্ঠিত হোৱা মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু (Minister Kiren Rijiju) ৷
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লোছা ৷ লগতে এই সভাত লামডিং আৰু হোজাই সমষ্টিৰ বিধায়ক ক্ৰমে শিবু মিশ্ৰ আৰু ৰামকৃষ্ণ ঘোষ সহ উপস্থিত হয় সদৌ অসম ভাষিক সংখ্যালঘু মৰ্চাৰ অধ্যক্ষ শিলাদিত্য দেৱ, দিপ্লু ৰঞ্জন শৰ্মা সহ বহু কেইজন জিলা পৰ্যায়ৰ বিজেপিৰ নেতা-কৰ্মী (Minister Kiren Rijiju at Hojai) ৷
হোজাইত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম-অৰুণাচল সীমান্তত সংঘটিত হোৱা গুলিচালনাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ সোমবাৰে সংঘটিত হোৱা এই ঘটনাটো দূৰ্ভাগ্যজনক বুলি তেওঁ মন্তব্য কৰে ৷ লগতে তেওঁ কয় যে, এই ঘটনাত মানুহ মৃত্যু হোৱাটো দুখৰ কথা ৷ এই সন্দৰ্ভত অৰুণাচল চৰকাৰে কঠোৰ পদক্ষেপ হাতত লৈছে ৷ ঘটনাৰ লগত জৰিত 5 জনক ইতিমধ্যেই আটক কৰিছে আৰক্ষীয়ে বুলি মন্তব্য কৰে মন্ত্ৰীজনে (Firing incident in Assam Arunachal Border) ৷
কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে কয় যে, অসম আৰু অৰুণাচল আমি একেই ৷ ঐতিহাসিকভাৱে অসম আৰু অৰুণাচল একেলগে আছে ৷ দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবেও চৰকাৰে কাম কৰি আছে ৷ কিন্ত তাৰ মাজতে এনে ঘটনা সংঘটিত হোৱাতো অতিশয় দুৰ্ভাগ্যজনক বুলি মন্ত্ৰীজনে কয় ৷ অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লব লাগে ৷ ভাৰত চৰকাৰেও এই বিষয়ত কাম কৰি আছে বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷ উল্লেখযোগ্য যে হোজাইৰ শংকৰদেৱ নগৰস্থিত জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হোৱা জিলা বিজেপিৰ মত-বিনিময় অনুষ্ঠানত মন্ত্ৰী কিৰেণ ৰিজিজুৱে অংশগ্ৰহণ কৰাৰ পিছত সংবাদ মাধ্যমৰ সন্মূখত এনেদৰে মন্তব্য আগবঢ়াই (Kiren Rijiju Reacts over Assam Arunachal Conflict) ৷
লগতে পঢ়ক: Silshako Protest: কোনো খিলঞ্জীয়া লোকৰ ঘৰত হাত দিবলৈ দিয়া নহ’ব চৰকাৰক- প্ৰতিবাদকাৰীৰ সকিয়নী