হোজাই,14ছেপ্টেম্বৰ : সোমবাৰে পশ্চিম কাৰ্বি আংলং জিলা তথা কাৰ্বি পৰিষদৰ পৰিষদীয় হামৰেণ সমষ্টিৰ অন্তৰ্গত ফংজাংৰে অঞ্চলত উদ্ধোধন কৰা হয় বহু চৰকাৰী গৃহ ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহসমূহ উদ্বোধন কৰে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে ৷ একে সময়তে সমষ্টিটোৰ অন্তৰ্গত তিনিটাকৈ স্থানত বিজেপিৰ শক্তি কেন্দ্ৰ সভা অনুষ্ঠিত কৰা হয় ৷ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি নেতা-কৰ্মী আৰু হামৰেণ পৰিষদীয় সমষ্টিবাসীক সাজু হবলৈ এই সভাৰ জৰিয়তে আহ্বান জনায় তিমুঙে ৷
ইয়াৰ লগতে বিৰোধী পক্ষক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা ৰাইজে যিবোৰ সমস্যাৰ সন্মুখীন হৈ আহিছিল অথবা অভাৱ অনুভৱ কৰি আহিছিল সেই সমস্যা তথা অভাৱ বিজেপি চৰকাৰে দূৰ কৰিছে বুলি উল্লেখ কৰে তিমুঙে ৷ ৰাইজৰ সপোনক বিজেপি চৰকাৰে বাস্তৱ ৰূপ দিছে বুলি মন্তব্য কৰে মঙ্গলছিং তিমুঙে ।
অন্য এক খবৰৰ বাবে: কোকৰাঝাৰত নিহত ক্ৰেইন চালক
উল্লেখযোগ্য যে,এই সভাত কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ লগতে উক্ত সমষ্টিৰ বিজেপি হামৰেণ মণ্ডল কমিটিৰ সভাপতি বীৰেনছিং তিচ্ছ', গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেন তিচ্ছ,বিজেপি নেতা ক্ৰমে বাছা টেৰণ,বিজেপি কিষণ মৰ্চাৰ সম্পাদক আৰচঙ ৰংহাং আৰু ভালে সংখ্যক বিজেপি নেতা-কৰ্মী উপস্থিত থাকে ।