হোজাই, 21 ছেপ্তেম্বৰ: বন্যহস্তীৰ আক্ৰমণত পশ্চিম কাৰ্বি আংলঙৰ এগৰাকী লোকৰ মৃত্য়ু ৷ প্ৰাপ্ত তথ্য় অনুসৰি, দীৰ্ঘদিন ধৰি পশ্চিম কাৰ্বি আংলঙৰ ভিন্ন স্থানত অব্য়াহত আছে হাতী-মানুহৰ সংঘাত ৷
পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জিৰিবাছা ইংহিবস্তিত (কাৰ্বি গাঁও) দেওবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা লোক গৰাকীৰ পৰিচয়ৰ লগতে ঠিকনা বৰ্তমানেও অজ্ঞাত হৈ আছে ৷ ৰাইজৰ সন্দেহ অনুসৰি, লোক গৰাকী হোজাই জিলাৰ বাসিন্দা ৷ লোকগৰাকী জিৰিবাছা ইংহিবস্তি অঞ্চলৰ পৰা উভতি যোৱাৰ পথত নিশা প্ৰায় ৭ বজাত সংঘটিত হয় এই ঘটনা ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লগতে খেৰণি বন বিভাগ কৰ্তৃপক্ষ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷
লগতে পঢ়ক: তেজপুৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি