হোজাই, 3 নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলীৰ উপলক্ষ্যে হোজাই জিলাত ৫ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে ৷ হোজাই জিলাৰ জিলা দণ্ডাধীশ অনুপম চৌধুৰীয়ে বুধবাৰে এখন জাননী জাৰি কৰি প্ৰকাশ কৰে এই কথা । হোজাই জিলা প্ৰশাসনে এন আই এক্টৰ অধীনত জাৰি কৰে এই নিৰ্দেশমৰ্মে ৷
অৱশ্যে পৰীক্ষা আৰু অত্যাৱশ্যকীয় সেৱাত নিয়োজিত বিষয়া, কৰ্মচাৰী, শিক্ষকসকলক এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে । জিলা প্ৰশাসনে সকলোকে সাৱধানতা অৱলম্বন কৰি আৰু ক’ভিড বিধি মানি দীপাৱলী উদযাপনৰ বাবে আহ্বান জনায় ৷
লগতে পঢ়ক : দীপাৱলী উপলক্ষে 5 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা