হোজাই, 29 জুনঃ হোজাই ডবকাত ন্যায় বিচাৰি হাবাথুৰি এজন পিতৃৰ । মাতৃয়ে সাতমহীয়া ভ্ৰুণ হত্যা কৰি হোৱাটছ এপ যোগে প্ৰেৰণ কৰাত আৰক্ষীৰ ওচৰ চাপে কবিৰ আহমেদ নামৰ দুৰ্ভগীয়া যুৱকজন ৷
অভিযোগ অনুসৰি, হোজাইৰ ডবকা থানাৰ অন্তৰ্গত নিখাৰীমুখ গাঁৱৰ কবিৰ আহমেদৰ পত্নীয়ে একেখন গাঁৱৰ যুৱক খাইৰুল ইছলাম লগত কেইবা বছৰ ধৰি অবৈধ সম্পর্ক ৰক্ষা কৰি আহিছিল ৷ তাৰ পাচতে সাত মহীয়া গৰ্ভাঅৱস্থাতে বিগত 15 জুনত খাইৰুল ইছলামৰ লগত পলাই যায় কবিৰ আহমেদৰ পত্নী ৷
পলায়ন কৰাৰ পাচতে সাতমহীয়া অন্তঃসত্তা পত্নীয়ে নিজৰ ভ্ৰুণ হত্যা কৰি স্বামী কবিৰ আহমেদলৈ হোৱাটছ এপ যোগে হত্যা কৰা ভ্ৰুণৰ ফটো প্ৰেৰণ কৰে ।
ঘটনা সংক্ৰান্তত কবিৰ আহমেদে গোচৰ ৰুজু কৰিছে যদিও বৰ্তমানলৈকে ডবকা আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই অভিযুক্তক ৷ আনহাতে, ঘটনাৰ লগত আৰক্ষী আৰু চিকিৎসক জড়িত বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে কবিৰ আহমেদে ৷