হোজাই, ১অক্টোবৰ : প্ৰশাসনৰ নিৰ্দেশ, সজাগতামূলক অভিযানলৈ বুঢ়া আঙুলি দেখুৱাই হোজাইত সংঘটিত হৈছে বাল্যবিবাহৰ ঘটনা । বৃহস্পতিবাৰে বাল্যবিবাহ বন্ধ কৰি বিবাহস্থলীৰ পৰা এগৰাকী কিশোৰীক উদ্ধাৰ কৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে । কিশোৰীগৰাকীৰ ঘৰ শিৱসাগৰত । শিৱসাগৰৰ পৰা কিশোৰীগৰাকীক ভালুকমাৰীলৈ আনি বিবাহৰ আয়োজন কৰা হৈছিল ।
হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে এই খবৰ লাভ কৰাৰ পিছতে সম্পাদিকা প্ৰণিতা মৰাঙৰ নিৰ্দেশ মৰ্মে পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, দিপক দেৱনাথ আৰু চাইল্ড লাইনে কিশোৰীগৰাকীক উদ্ধাৰ কৰে । সম্প্ৰতি ৱানষ্টপ চেন্টাৰলৈ প্ৰেৰণ কৰা হৈছে কিশোৰীগৰাকীক ।
লগতে পঢ়ক : অৱশেষত জালত পৰিল দ্বিবন ডেকা