হোজাই, 19 মে': দুবছৰীয়া এটি শিশু সহ হোজাইৰ দুগৰাকীৰ দেহত ধৰা পৰে COVID-19 । দুয়োগৰাকী মুম্বাইৰ পৰা আহি সৰুসজাইৰ কোৱাৰেণ্টাইন কেম্পত আছিল ।
স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিনৰ 11.55 বজাত টুইটৰ জৰিয়তে অসমত নতুনকৈ 14 গৰাকী লোক COVID-19 ত আক্ৰান্ত হোৱা বুলি উল্লেখ কৰে । সেই 14 গৰাকীৰ ভিতৰত হোজাইৰো দুজন লোক অন্তৰ্ভুক্ত হৈ আছে ।
আক্ৰান্ত হোৱা দুবছৰীয়া শিশুটোৰ নাম মহম্মদ চৰতাজ । আৰু আন এগৰাকীৰ নাম ছুফাদ্দিন আহমেদ (26) । অৱশ্যে তেওঁলোক হোজাইৰ কোন স্থানৰ বাসিন্দা সেইটো জানিব পৰা হোৱা নাই ।
ইপিনে বহিঃ ৰাজ্যৰ পৰা হোজাইলৈ অহা বিভিন্ন লোককো হোটেল আৰু আন কেন্দ্ৰ সমূহত কোৱাৰেণ্টাইন কৰি ৰখা হৈছে । তাৰে ভিতৰত আশোকা হোটেলত কোৱাৰেন্টাইন হৈ থকা 12 গৰাকী লোকৰ পৰা নমুণা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল । মঙলবাৰে তেওঁলোকৰ ফলাফল আহে আৰু কোনো গৰাকীৰে দেহত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ নাই বুলি প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে ।
19 মে'ৰ দিনৰ 12 বজালৈ অসমত COVID-19 আক্ৰান্তৰ মুঠ সংখ্যা 135 গৰাকী হৈছে । য'ত 4 জনৰ মৃত্যু হৈছে আৰু 41 জন আৰোগ্য হৈ উঠিছে ।