ETV Bharat / state

লংকাত শিল ভৰ্তি ডাম্পাৰ জব্দ - হোজাই জিলা

নিশা হ'লেই লংকাত চলে অবৈধভাৱে শিল-বালি কঢ়িওৱা ডাম্পাৰ । বন বিভাগৰ নিৰ্দেশক গুৰুত্বই নিদিয়ে অসাধু লোক সকলে । মঙলবাৰে নিশা হোজাই জিলাৰ লংকাত জব্দ হ'ল এখন শিল ভৰ্তি ডাম্পাৰ ।

Dumper seized in Lanka
লংকাত শিল ভৰ্তি ডাম্পাৰ জব্দ
author img

By

Published : Aug 18, 2021, 7:03 PM IST

হোজাই, ১৮ আগষ্ট: বন বিভাগে অবৈধভাৱে বনজ সম্পদৰ ব্যৱসায় কৰাত বাধা আৰোপ কৰি অহাৰ পাছতো একাংশ অসাধু লোকে অব্যাহত ৰাখিছে বেহা । বন বিভাগৰ নিৰ্দেশ, শাস্তি, জৰিমনা একোৱেই যেন প্ৰভাৱ পেলাব নোৱাৰে এনে ব্যৱসায়ীৰ ওপৰত । হোজাই জিলাতো অব্যাহত আছে কাঠ আৰু শিলৰ অবৈধ বেহা । মঙলবাৰে হোজাই জিলাৰ লংকাত বন বিভাগে জব্দ কৰিলে এখন শিল ভৰ্তি ডাম্পাৰ ।

বন কৰ্মীয়ে নিয়ামীয়াভাৱে টহল দি থকাৰ সময়তে ডাম্পাৰখন প্ৰত্যক্ষ কৰে আৰু ৰখাবলৈ নিৰ্দেশ দিয়ে । কিন্তু ডাম্পাৰ চালকজনে বন বিভাগৰ নিৰ্দেশ অৱমাননা কৰি লংকা অভিমুখে দ্ৰুত গতিৰে আগবাঢ়ি গৈ থাকে । পিছত ভালুকমাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ডাম্পাৰখন ৰখাই চালকজন সেই স্থানৰ পৰা পলায়ন কৰে । ডাম্পাৰখনক অনুসৰণ কৰি আহি থকা বনবিভাগৰ লোক কিছু সময়ৰ পিছতে সেই স্থানত উপস্থিত হয় ।

লংকাত শিল ভৰ্তি ডাম্পাৰ জব্দ

পিছতে আন এজন চালকৰ সহায়ত ডাম্পাৰখন লংকা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ নিয়া হয় । জব্দকৃত ডাম্পাৰখনৰ নম্বৰ AS 02C C3720 ।

বৰ্তমান এই সন্দৰ্ভত লংকা আঞ্চলিক বন বিভাগে তদন্ত অব্যাহত ৰাখিছে । লংকাৰ বনাঞ্চলিক বিষয়া নিতুল কুমাৰ সুতে জনোৱা মতে, ডাম্পাৰখনৰ গৰাকী কোন আৰু এই ডাম্পাৰখনেৰে কোনো অবৈধভাৱে শিল কঢ়িয়াই নিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । শিল কঢ়িওৱাৰ কোনো ধৰণৰ বৈধ নথি ডাম্পাৰখনত বন বিভাগে পোৱা নাই বুলি জানিবলৈ দিছে বন বিষয়া গৰাকীয়ে ।

লগতে পঢ়ক:এগৰাকী প্ৰাক্তন প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.