ETV Bharat / state

হোটেলৰ পিছফালে ওলাল যুৱকৰ মৃতদেহ

নিশা যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি লণ্ড ভণ্ড লংকাৰ হোটেল । মৃতদেহটো স্থানীয় যুৱক শুভাংকৰ মজুমদাৰৰ ৷

author img

By

Published : Oct 16, 2021, 8:27 PM IST

deadbody-found-in-the-backside-of-a-hotel-in-lanka
হোটেলৰ পিছফালে ওলাল যুৱকৰ মৃতদেহ

হোজাই, 16 অক্টোবৰ : হোজাই জিলা লংকা ১নং, ৰেল গেইটৰ সমীপৰ এখন হোটেলৰ পিছফালে, নিশা এজন যুৱকৰ মৃতদেহ পোৱাক কেন্দ্ৰ কৰি স্থানীয় যুৱকে লণ্ড ভণ্ড কৰে হোটেল খন । স্থানীয় লোকৰ অভিযোগ অনুসৰি জানিবলৈ পৰা গৈছে যে উক্ত হোটেলখনত সুৰা বিক্রী কৰা হয় ।

ফলস্বৰূপে এনে ঘটনা সংঘটিত হোৱাৰ মূল কাৰণো সুৰাপানৰ সৈতেই জড়িত বুলিও সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোক সকলে । উল্লেখযোগ্য যে, লংকাৰ ১ নং ৰেল গেইটৰ সমীপৰ সাহা হোটেলৰ পিছফালে বুধবাৰে নিশা পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহটো । উক্ত মৃতদেহটো স্থানীয় যুৱক শুভাংকৰ মজুমদাৰৰ বুলি জানিব পৰা গৈছে ৷

মৃত শুভাংকৰৰ শৰীৰৰ বিভিন্ন স্থানৰ লগতে মুখত আঘাটৰ স্পষ্ট চিন পৰিলক্ষিত কৰিছিল প্ৰত্যক্ষদৰ্শীয়ে । ঘটনা সন্দৰ্ভত লংকা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে নিশা ভাগত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে । উক্ত ঘটনা সন্দৰ্ভত লংকা আৰক্ষীয়ে কোনো, ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত বৃহস্পতিবাৰে নিশা স্থানীয় উত্তেজিত ৰাইজে দোকানখন ভাঙি চূড়মাৰ কৰাৰ লগতে বয়বস্তু লণ্ড ভণ্ড কৰে ।

উল্লেখ্য যে, লংকাৰ ১ নং ৰেলগেইটত থকা সাহা হোটেলত পূৰ্বৰ পৰাই বিক্রী হয় বিলাতী সুৰাৰ লগতে দেশীয় সুৰা । শুভাংকৰে হোটেলখনত সুৰাপান কৰি কিবা কাৰণত কাৰোবাৰ লগত কাজিয়া লিপ্ত হোৱাত কোনো অচিনাক্ত দুৰ্বৃত্তই দুৰ্গা পূজাৰ সুযোগ লৈ চোকা অস্ত্রৰে আঘাত কৰাৰ ফলত প্ৰাণ হেৰুৱাই বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক : ধিঙৰ চৰাঞ্চলত পুনৰ মাতাব্বৰৰ সন্ত্ৰাস : অতিষ্ঠ চৰাঞ্চলৰ ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.