হোজাই, 27 এপ্ৰিল : পৌৰনিগম আৰু পৌৰসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী যোগেন মহনৰ ৷ তেওঁ কয় যে, "কংগ্ৰেছ শূন্যই হৈ গ'ল, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনতো শূন্য হ'ল ৷ কংগ্ৰেছে ভৱিষ্যতে কোনো ঠাইত থিতাপি ল'ব নোৱাৰিব’’ ৷ ৰিপুন বৰাৰ কংগ্ৰেছ দল ত্যাগ আৰু তৃণমূলত যোগদান সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে মন্ত্রী যোগেন মহনে (Jogen Mohan's reaction on Ripun Bora joining TMC)৷
মঙলবাৰে হোজাইত উপস্থিত হয় ৰাজহ ও দুর্যোগ ব্যৱস্থাপনা, পার্বত্য এলেকা উন্নয়ন তথা খনি মন্ত্রী যোগেন মহন (Minister Jogen Mohan at Hojai) ৷ প্ৰধানমন্ত্ৰী মোডীৰ আগমনৰ পূৰ্বে হোজাই উপস্থিত হৈ দলীয় কৰ্মীসকলৰ সৈতে এক আলোচনাত মিলিত হয় মন্ত্রী যোগেন মহন ৷ অহা 28 এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰে অসমত উপস্থিত হ'বহি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷
নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি, কাৰ্বি আংলংৰ লৰিংথেপিৰ ৰাজহুৱা সভাত অংশগ্রহণ কৰিব প্ৰধানমন্ত্ৰী মোডী ৷ কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলাৰ ৰাজহুৱা সভা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে (PM Modi's Assam visit)।
ইফালে, কোন নেতাই বিজেপিত যোগদান কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰি কয় ,"কোন কোন কংগ্ৰেছী নেতা উক্ত সভাত বিজেপিত যোগদান কৰিব তালিকাখন মোৰ হাতত নাই । বহু বাঘা বাঘা নেতা কাৰ্বিআংলঙৰ লৰিংথেপিৰ সভাত বিজেপিত যোগদান কৰিব ।"
লগতে মন্ত্ৰীগৰাকীয়ে কয় যে , "কাৰ্বি আংলংত পাঁচ লাখ জনসমাগমেৰে এক ঐতিহাসিক সভা হ'ব ৷ ইফালে কাৰ্বি আংলংত ১ লাখ জাতীয় পতাকা উৰুৱাৰ যি পৰিকল্পনা কৰা হৈছে সেয়া গিনিজ ৱৰ্ল্ড ৰেকৰ্ডতো অন্তৰ্ভুক্ত হ'ব পাৰে বুলিও তেওঁ মন্তব্য কৰে ৷"
লগতে পঢ়ক : ৰিপুন বৰাৰ তৃণমূল গমনে কোনো প্ৰভাৱ নেপেলাই বিজেপিত : পীযুষ হাজৰিকা