হোজাই,10 মাৰ্চ: সমাগত বিধান সভা নিৰ্বাচনত প্ৰত্যেকটো ৰাজনৈতিক দলৰ সমান্তৰালকৈ কংগ্ৰেছ দলৰো ঘোষণা কৰা হৈছে প্ৰাৰ্থীত্বৰ তালিকা ৷ কিন্তু বৰ্তমানেও ঘোষণা কৰা হোৱা নাই হোজাই সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷ ইপিনে সমষ্টিটোত প্ৰাৰ্থীৰ নাম ঘোষণা হোৱা নাই যদিও দেৱব্ৰত সাহাৰ নাম সমষ্টিটোত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হ'ব বুলি চৰ্চিত হৈছে ৷ দেৱব্ৰত সাহাৰ নাম চৰ্চিত হোৱাৰ লগে লগে প্ৰতিবাদমুখৰ হৈ পৰিছে হোজাই কংগ্ৰেছৰ ভিতৰ চ'ৰা ৷
মঙলবাৰে কংগ্ৰেছৰ একাংশ দলীয় কৰ্মীয়ে দেৱব্ৰত সাহা মুৰ্দাবাদ ধ্বনি দি সুপ্ৰতিম কৌৰৰ টিকটৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সন্মুখৰ পথত প্ৰতিবাদ কৰি সুপ্ৰতিম কৌৰ জিন্দবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক: পাঁচ বছৰত কিমান সম্পত্তি গঢ়িলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে !