ETV Bharat / state

All India Republic Cup: জৰ্জিয়ান নেপালক পৰাস্ত কৰি বি এছ এছ কলকাতা চেম্পিয়ন

author img

By

Published : Feb 9, 2023, 11:51 AM IST

সদৌ ভাৰত ৰিপাব্লিক কাপ দিবা-নৈশ ফুটবল টুৰ্ণামেন্টত বি এছ এছ কলকাতাৰ খিতাপ দখল(BSS Kolkata won All India Republic Cup Football) । ১১ দিন ধৰি লামডিং খেলপথাৰত চলিছিল এই দিবা- নৈশ ফুটবল প্ৰতিযোগিতাখনি (Day Night Football Tournament in Lumding)।

Football Tournament at Lumding
সদৌ ভাৰত ৰিপাব্লিক কাপ দিৱা নৈশ ফুটবল টুৰ্ণামেন্ট

লামডিং,৯ ফেব্ৰুৱাৰী: লামডিঙং ৰে'লৱে বিবেকানন্দ খেলপথাৰত অনুষ্ঠিত সদৌ ভাৰত ৰিপাব্লিক কাপ দিবা নৈশ ফুটবল টুৰ্ণামেন্টৰ সামৰণি পৰিছে (Lumding Railway Vivekananda Play Ground)। ১১ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন মঙলবাৰে সফলতাৰে অনুষ্ঠিত হয় (Football Tournament at Lumding) । লামডিঙৰ শ্বেলী ন্যাসৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখনিত দেশৰ কেইবাটাও আগশাৰীৰ দলৰ লগতে নেপালৰ এটা দলেও অংশগ্ৰহণ কৰে (Lumdings Shelly Trust) ।

সদৌ ভাৰত ৰিপাব্লিক কাপ (All India Republic Cup) নামেৰে অনুষ্ঠিত হোৱা এই ফুটবল প্ৰতিযোগিতাখনিত অসমৰ এ এছ ই বি, শ্বেলী লামডিঙৰ লগতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ আৰিয়ান কলকাতা, এছ এছ বি কলকাতা, বি এছ এছ কলকাতা, গ্ৰীণ ফিল্ড এফচি আইজল, মণিপুৰ ,নৰ্থ ইষ্ট ইউনাইটেড, হিলছ ইউাইটেডৰ উপৰি বহিঃৰাষ্ট্ৰ নেপালৰ জৰ্জিয়েন ফুটবল দলেও অংশগ্ৰহণ কৰে (Georgian football team of Nepal) ৷ বিদেশী খেলুৱৈৰ আগমনে অধিক উৎফুল্লিত কৰি তুলে লামডিঙকে আদি কৰি বিভিন্ন স্থানৰ পৰা খেল উপভোগ কৰিবলৈ অহা অহা ক্ৰীড়া অনুৰাগীক ।

দেশ-বিদেশৰ বিভন্ন নামি, দামী ফুটবল দলৰ অংশগ্ৰহণেৰে ১১ দিন ধৰি লামডিং খেলপথাৰ ফুটবলৰ ছন্দত নাচি উঠে । মঙলবাৰে অনুষ্ঠিত এই প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলখনত প্ৰতিদ্বন্দিতা আগবঢ়াই বি এছ এছ কলকাতা আৰু জৰ্জিয়েন নেপালে । এই খেলখনত বি এছ এছ কলকাতাই প্ৰথমৰে পৰাই আধিপত্য় বিস্তাৰ কৰে । প্ৰথমতে জৰ্জিয়েন নেপালে প্ৰতিৰোধৰ চেষ্টা চলাই যদিও অৱশেষত ৪-০ গ'লত পৰাস্ত হয় (BSS Kolkata won All India Republic Cup day night football)। চূড়ান্ত খেলখন কেইবা হাজাৰ দৰ্শকে উপভোগ কৰে ।

এই চূড়ান্ত খেলখনত উপস্থিত থাকে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ (MLA Shibu Mishra)। বিধায়ক শিবু মিশ্ৰই কয় যে এনে প্ৰতিযোগিতাই জিলাখনৰ খেলুৱৈসকলক যথেষ্ট উপকৃত কৰিব । ইতিমধ্য়ে লামডিঙৰ পৰা কেইবাগৰাকী খেলুৱৈয়ে ৰাজ্য়িক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো উজলি উঠিবলৈ সক্ষম হোৱা বুলি কয় বিধায়ক শিবু মিশ্ৰই ।

লামডিঙৰ শ্বেলী ফাউণ্ডেচনৰ অধ্যক্ষ অনিমেষ মিশ্ৰই কয় যে অসমৰ বিভিন্ন দলৰ লগতে দেশৰ খ্যাতিসম্পন্ন ফুটবল দলসহ নেপালৰ ফুটবল দলেও অংশগ্ৰহণ কৰি এই প্ৰতিযোগিতাখনিক দিলে অন্য় এক ৰূপ ৷ বিভিন্ন নামি দামী ফুটবল দলৰ অংশ গ্ৰহণে এই প্ৰতিযোগিতাখনিৰ গুৰুত্ব বৃদ্ধি কৰিলে ৷ বিগত এমাহ ধৰি কৰা পৰিশ্ৰম সাৰ্থক হৈছে ।

লগতে পঢ়ক:Attempt to Kidnap: অপহৰণকাৰীৰ হাতত কামুৰি ৰক্ষা পৰিল নাবালিকা; গুৱাহাটীত আলিয়ে গলিয়ে ঘূৰিছে অপহৰণকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.