ETV Bharat / state

হোজাইৰ তিনি বিধানসভা সমষ্টিত এআইইউডিএফৰ ধাৰাবাহিক নিৰ্বাচনী ৰণডংকা

author img

By

Published : Nov 19, 2020, 11:01 PM IST

হোজাইত এআইইউডিএফৰ ধাৰাবাহিক নিৰ্বাচনী ৰণডংকা ৷ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ সাংসদ বদৰুদ্দিন আজমলৰ ৷ হিমন্ত বিশ্ব শৰ্মাৰ মগজুৰ বিকৃতি ঘটিছে বুলি কটাক্ষ আজমলৰ ৷

হোজাইৰ তিনি বিধান সভা সমষ্টিত এআইইউডিএফৰ ধাৰাবাহিক নিৰ্বাচনী ৰণডংকা

হোজাই, 19 নৱেম্বৰ: এ আই ইউ ডিএফৰ নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাক চৰম কটাক্ষ এ আই ইউ ডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ । হোজাই জিলাৰ তিনি বিধানসভা সমষ্টিত ধাৰাবাহিক নিৰ্বাচনী ৰণডংকা এ আই ইউ ডি এফ দলৰ । যমুনামুখ,লামডিঙৰ পাছতে বৃহস্পতিবাৰে হোজাই সমষ্টিত এ আই ইউ ডি এফৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয় ।

হিমন্ত বিশ্ব শৰ্মাক চৰম কটাক্ষ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ

আগন্তুক 2021 ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি প্ৰচাৰত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । সেই অনুসৰি হোজাই জিলাৰ তিনিটাকৈ বিধান সভা সমষ্টিত এআইইউডিএফ দলে ধাৰাবাহিক নিৰ্বাচনী ৰণডংকা বজাইছে । যমুনামুখ,লামডিঙৰ পাছতেই আজি হোজাই সমষ্টিত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে নিৰ্বাচনী ৰণডংকা বজাই ।

হোজাই সমষ্টিৰ অন্তৰ্গত লস্কৰপথাৰত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এআইইউডিএফ দলৰ সভাত প্ৰচাৰ চলাই ভাষণ প্ৰসংগত বদৰুদ্দিন আজমলে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি চৰম কটাক্ষ কৰে । হিমন্ত বিশ্ব শৰ্মাৰ মগজুৰ বিকৃতি ঘটি আধা পাগল হৈছে বুলি মন্তব্য কৰি চিকিৎসাৰ বাবে আদিত্য লাংঠাছাৰ কাষলৈ মাতে বদৰুদ্দিন আজমলে ।

হিমন্ত বিশ্ব শৰ্মাক সৰু ভাতৃ বুলি কোৱাৰ লগতে আজমলৰ প্ৰতি হিমন্তৰ জ্যেষ্ঠ ভাতৃ হিচাপে মৰম আছে বুলিও তেওঁ এক মন্তব্য কৰাৰ উপৰিও এআইউডিএফ দলৰ সভা অনুষ্ঠিত হোৱাৰ 2 ঘন্টা পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ নিউজ চেনেলৰ ডি এছ এন জি ভান সভাৰ বাতৰি সম্প্ৰচাৰৰ বাবে আহি উপস্থিত হয়হি বুলি তেওঁ কটাক্ষ কৰে ৷

ইয়াৰ লগতে বিত্ত ,স্বাস্থ্য , শিক্ষা আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী হৈও হিমন্ত বিশ্ব শৰ্মাই নিজৰ বিভাগৰ কামৰ প্ৰতি পিঠি দি কেৱল পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া প্ৰসংগকেই মূল বিষয় হিচাপে বাছি লৈছে বুলি ভাষণ প্ৰসংগত আজমলে উল্লেখ কৰে ৷ লস্কৰপথাৰত অনুষ্ঠিত হোৱা এআইইউডিএফৰ এই নিৰ্বাচনী সভাত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম,এআইইউডিএফৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আদিত্য লাংথাছাকে প্ৰমুখ্যে কৰি এআইইউডিএফৰ অন্যান্য কৰ্মকৰ্তা সকলো উপস্থিত থাকে।

লগতে পঢ়ক:কাৰ হাতলৈ যাব বিটিচিৰ বাঘজৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.