হোজাই, 17 ফেব্ৰুৱাৰী : হোজাইৰ সদৰ শংকৰদেৱ নগৰত আমছুৰ হোজাই জিলা সমিতিৰ প্ৰতিবাদ ৷ লামডিং বনাঞ্চলৰ উচ্ছদিত লোকসকলক লগত লৈ আমছুৱে এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (AAMSU protests over evicted people) ৷
মঙলবাৰে শংকৰদেৱ নগৰৰ কাছাৰী মৈদানৰ পৰা সমদল কৰি আহি উপায়ুক্ত কাৰ্য্যলয়ৰ সম্মূখত (Deputy Commissioner Office at Hojai) প্ৰতিবাদ সাব্যস্ত কৰি লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিতসকলৰ প্ৰাপ্য অধিকাৰ প্ৰাপ্তিৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷
লগতে লামডিং বনাঞ্চলৰ উচ্ছেদৰ পূৰ্বে আমছুৰ লগত চৰকাৰৰ হোৱা আলোচনা মৰ্মে উচ্ছেদিত লোকসকলে লামডিং বনাঞ্চলৰ ভূমিত খেতি কৰা শস্য সমূহ উচ্ছেদিত লোকসকলক আনিবলৈ দিয়াৰো দাবীও জনায় প্ৰতিবাদকাৰী দলটোৱে । ইয়াৰোপৰি হোজাই জিলা উপায়ুক্তৰ জৰিয়তে সামগ্ৰিক ঘটনা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰে ৷
লগতে পঢ়ক : FIR Against Political Leader: ৰাজ্যৰ ৰাজনীতিত এজাহাৰ দাখিলৰ অঘোষিত প্ৰতিযোগিতা