হোজাই, 31 মে’ : হোজাই জিলা লংকাত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ সপ্তম বৰ্ষপূৰ্তি দিৱস উদযাপন কৰা হয় । নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰখনৰ বৰ্ষপূৰ্তি উপলক্ষে লংকা বিজেপি, এচ.টি.মৰ্চা আৰু লংকা বিজেপি টাউন মণ্ডলৰ উদ্যোগত লংকাৰ বিভিন্ন অঞ্চলত ৰাইজৰ মাজত মাস্ক, চেনিটাইজাৰ বিতৰণ কৰাৰ লগতে দুখীয়া ৰাইজক চাউল, দাইল আদি যোগান ধৰা হয় ।
প্ৰধানমন্ত্ৰী মেদীৰ নেতৃত্বাধীন চৰকাৰখনৰ সপ্তম বৰ্ষপূৰ্তিৰ এই পবিত্ৰ সন্ধি ক্ষণত লংকা এচ.টি মৰ্চাৰ সভাপতি প্ৰণিত গিৰিৰ নেতৃত্বত লংকা আলিচিগা অঞ্চলত ক’ভিড ৰোগত মৃত্যু হোৱা দুজনকৈ বিধায়কৰ হৈ বন্তি প্ৰজ্বলন কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে এক মিনিট মৌন প্ৰাৰ্থনা কৰি উক্ত অঞ্চলৰ ৰাইজৰ মাজতো মাস্ক, চেনিটাইজাৰ তথা ৰেচন আদি বিতৰণ কৰে ।
লগতে পঢ়ক : কৰ’ণা বিভীষিকা: পেটত গামোচা বান্ধিবলগীয়া হৈছে একাংশ কুমাৰে